এফালে হাহাকাৰ, আনফালে কাৰ্ফিউ, তাৰ মাজতো নিজৰ জীৱনক তুচ্চ জ্ঞান কৰি কাশ্মীৰত শ্বুটিং কৰিছিল এগৰাকী অভিনেত্ৰীয়ে
বলীউডৰ প্ৰতিভাৱান অভিনেত্ৰী বিপাশা বসুৱে তেওঁৰ ইনষ্টাগ্ৰামত তেওঁৰ পুৰণি সাক্ষাৎকাৰ এটা শ্বেয়াৰ কৰিছে, য’ত পৰিচালক ৰাহুল ঢোলাকিয়াৰ এক সাক্ষাৎকাৰ আছে। সেই সাক্ষাৎকাৰটোত ঢোলাকিয়াই তেখেতৰ ‘লমহা’ ছবিখনৰ কথা উল্লেখ কৰিছে। কাৰ্ফিউৰ সময়তো কাশ্মিৰত ছবিখনৰ শ্বুটিং কৰিছিল বিপাশাই। সচাঁকৈয়ে সাহসী বিপাশা।
এই কথা প্ৰকাশ কৰিছে খোদ ৰাহুল ঢোলাকিয়াই। ঢোলাকিয়াই সাক্ষাৎকাৰত কৈছিল যে তেওঁ বিপাশাৰ সৈতে এই ছবিখনৰ শ্বুটিং কৰিছিল কাৰ্ফিউৰ সময়ত। যাৰ বাবে সেই সময়ত অভিনেত্ৰীগৰাকীৰ খুউব খং উঠিছিল।
পৰিচালকগৰাকীয়ে নিজৰ কথা প্ৰকাশ কৰি কয় যে যেতিয়া বিপাশা শ্বুটিং স্থানত উপস্থিত হয়, তেতিয়া বিপাশাই লগে লগে পৰিচালকগৰাকীক ফোন কৰি ক্ষোভ উজাৰে। কাৰ্ফিউৰ মাজতো চিনেমাৰ শ্বুটিং কৰাৰ বাবে পৰিচালকগৰাকীক লগে লগে কাৰ্ফিউস্থানলৈ মাতে, আৰু কাৰ্ফিউৰ কথা নজনোৱাৰ কাৰণ সোধে।
তেতিয়া ঢোলাকিয়াই কয়, কাৰ্ফিই বুলি জানিলে বিপাশা নাহিল হেঁতেন, এতিয়া আহিছে। কতো কোনো মানুহ নাই, কোনো অশান্তি নাই, কোনো ভয়ৰ কাৰণ নাই। শান্তিৰে কাম কৰিব পৰা যাব।
উল্লেখ্য যে, ৰাহুল ঢোলাকিয়াৰ পৰিচালনা আৰু ৰচনা কৰা এখন হিন্দী একচন থ্ৰিলাৰ ছবি ‘লমহা’। ইয়াত সঞ্জয় দত্ত, বিপাশা বসু, কুনাল কাপুৰ আৰু অনুপম খেৰক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছিল। এই ছবিখনে এক বৃহৎ ফ্লপ বুলি প্ৰমাণিত হয়।
২০১০ চনৰ অক্টোবৰ মাহত ছবিগৃহত মুক্তি লাভ কৰিছিল ‘লমহা’ ছবিখনে। কামৰ কথা ক’বলৈ গ’লে বিপাশা বসুৱে ২০০১ চনত ‘অজনাবী’ ছবিৰে অভিনয় জীৱন আৰম্ভ কৰিছিল, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ