২০২৪ বৰ্ষৰ ৰক্ষা বন্ধন কেতিয়া, কোন শুভ মুহূৰ্তত বান্ধিব ৰাখী
প্ৰতিবছৰেই ৰক্ষা বন্ধন শাওন মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এই তিথি ভাতৃ-ভগ্নী বিশেষ। বছৰ দিন ধৰি ভাতৃ-ভগ্নীয়ে এই বিশেষ দিনটোৰ বাবে অপেক্ষা কৰে। এই দিনটোত ভগ্নীসকলে ভাতৃৰ দীৰ্ঘায়ু কামনা কৰি হাতত ৰাখী বান্ধে। আনহাতে ভাতৃ সকলেও ভগ্নী ৰক্ষাৰ বচন দিয়ে।
পাছে এইবাৰ ৰক্ষা বন্ধন কেতিয়াকৈ পৰিছে! পঞ্জিকা অনুসৰি ২০২৪ বৰ্ষৰ ১৯ আগষ্ট সোমবাৰে ৰক্ষা বন্ধন পৰিছে। এই দিনটোত কেইবাটাও শুভ সংযোগো একেলগে পৰিছে। হিন্দী কেলেণ্ডাৰ অনুসৰি সেই দিনটোতে পৰিছে শাওণৰ শেষৰটো সোমবাৰ।
এই দিনটোতে পুৱা ৮ বাজি ৪০ মিনিটৰ পৰা সৰ্বাৰ্থ সিদ্ধি যোগো পৰিছে। ধাৰ্মিক মান্যতা অনুসৰি এই দিনটোত শুভ কাৰ্য কৰিলে সফল হয় বুলি বিশ্বাস আছে।
ইয়াৰ উপৰিও সেই দেনটোত পূৰ্ণিমাৰ ভদ্ৰাকাল যোগো পৰিছে। সেয়ে ৰাখী বন্ধাৰ সময় জনাটো অতিকে প্ৰয়োজন। কিয়নো ভদ্ৰাকালত ৰাখী বন্ধা নহয়। এইবাৰ ভদ্ৰাকাল ১৮ আগষ্টৰ নিশা ২ বাজি ২১ মিনিটৰ পৰা আৰম্ভ হৈ ১৯ আগষ্টৰ দুপৰীয়া ১ বাজি ২৪ মিনিটলৈ থাকিব। এই সময়চোৱাত ৰাখী বন্ধা নিয়ম নাই।
হিন্দু পঞ্চাংগ অনুসৰি ১৯ আগষ্টৰ দুপৰীয়া ১ বাজি ২৬ মিনিটৰ পৰা সন্ধিয়া ৬ বাজি ২৫ মিনিটলৈ ৰাখী বন্ধাৰ শুভ মুহুৰ্ত পৰিছে। এই সময়ত ৰাখী বান্ধিলে শুভ হয় বুলি মান্যতা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ