প্ৰধানমন্ত্ৰী কিষাণ যোজনাত যি সমস্ত কৃষকৰ নাম নথিভুক্ত আছে তেওঁলোকে শীঘ্ৰেই পাব ২০০০ টকা৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই যোজনাৰ ১৯ তম কিস্তিৰ টকা আৰু কিছুদিনৰ ভিতৰতেই একাউণ্টত সোমোৱাই দিব বুলি জনা গৈছে৷ কিছুদিন পূৰ্বে ১৮ নম্বৰ কিস্তিৰ টকা লাভ কৰিছে কৃষকে৷ সংবাদসূত্ৰৰ খবৰ অনুসৰি কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে জনাইছে যে, আগন্তুক ২৪ ফেব্ৰুৱাৰীত মোদীয়ে অসম ভ্ৰমণলৈ আহিব আৰু ইয়াৰপৰাই চুইছ টিপি দেশৰ কৃষকৰ একাউণ্টত সোমোৱাই দিব৷
E-KYC সোনকালে কৰক
প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ এই কিস্তিৰ টকা পাবলৈ হ’লে নথিভুক্ত ব্যক্তিসকলে অৱশ্যেই E-KYC কৰিব লাগিব৷ প্ৰধানমন্ত্ৰী কিষাণ সন্মাননিধি যোজনাৰ টকা পাবলৈ এই কাম অৱশ্যেই কৰিব লাগিব৷ ইয়াৰ পূৰ্বে ১৫ অক্টোবৰ ২০২৪ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই যোজনাৰ ১৮তম কিস্তিৰ টকা সোমোৱাই দিছিল কৃষকৰ একাউণ্টত৷ ইয়াৰপাছতেই সম্ভৱত ফেব্ৰুৱাৰী মাহত আকৌ নতুন কিস্তিৰ টকা পাব কৃষকসকলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ