হোটেল বিলাস INNত সংঘটিত গুলীচালনাৰ ঘটনাৰ পিছতে বহু প্ৰশ্নৰ অৱতাৰণা হৈছে। বিশেষকৈ, গুলীচালনাত নিহত দেৱাৰ্ষী কাশ্যপ আৰু ৰিণিকা কাশ্যপৰ এবছৰীয়া সন্তানটো বৰ্তমান ক’ত আছে, তাক লৈ উদ্বেগৰ সৃষ্টি হৈছে। এই পৰ্যন্ত শিশুটিৰ সন্ধান লাভ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, হেলেনা ভৰালীৰ পৰিয়ালৰ প্ৰকৃত ঘৰ বৰপেটাত। ইয়াৰ উপৰি গুৱাহাটীৰ সেন্দূৰী আলীতো পৰিয়ালটোৰ এটা ঘৰ আছে। ঘটনাৰ দিনা হোটেল বিলাস INNত ঘনকান্ত গগৈৰ সৈতে আলোচনাত মিলিত হ’বলৈ হেলেনা ভৰালীৰ পৰিয়ালে তেওঁক মাতি পঠিয়াইছিল। প্ৰাপ্ত তথ্য অনুসৰি, প্ৰায় সাত মাহ ধৰি ঘনকান্ত গগৈয়ে পৰিয়ালটোক পাবলগীয়া ধন আদায় দিয়া নাছিল। সেয়ে, হয় পাবলগীয়া ধন আদায় দিব লাগিব, নহয় হোটেলৰ লীজ বাতিল কৰিব লাগিব—এনে সিদ্ধান্তৰে ঘনকান্ত গগৈক আলোচনাৰ বাবে মাতি পঠিওৱা হৈছিল বুলি জানিব পৰা গৈছে।
কিন্তু আলোচনাৰ মাজতে সংঘটিত হয় ভয়ংকৰ গুলীচালনাৰ ঘটনা। এই ঘটনাত হেলেনা ভৰালী, দেৱাৰ্ষী কাশ্যপ, তেওঁৰ পত্নী ৰিণাকি কাশ্যপ আৰু হেলেনা ভৰালীৰ ভাতৃ ভূদেৱ ভৰালীৰ মৃত্যু হয়। আনহাতে, ঘটনাটোত নিহত নাৰায়ণ দাস এজন ফুচকা বিক্ৰেতা আছিল। গুলীচালনাত আহত সৈতেন্দ্ৰ পাঠক হোটেলখনৰ কেয়াৰটেকাৰ হিচাপে কৰ্মৰত আছিল। ইফালে, হোটেল বিলাস INNৰ সম্পত্তি কেৱল হেলেনা ভৰালীৰ নামতে নাছিল বুলি জানিব পৰা গৈছে। উদয় ভৰালী, হেলেনা ভৰালী আৰু দিলীপ ভৰালীৰ নামতো সম্পত্তিখিনি ভাগ-বতৰা কৰা হৈছিল বুলি তথ্য পোহৰলৈ আহিছে।
সমগ্ৰ ঘটনাটোৰ পিছত এতিয়া কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে। বিশেষকৈ, নিহত দেৱাৰ্ষী আৰু ৰিণাকি কাশ্যপৰ এবছৰীয়া সন্তানটো ক’ত আছে, সেয়া জানিবলৈ সকলোৱে অপেক্ষা কৰিছে। অৱশ্যে, শিশুটিৰ বৰ্তমানৰ অৱস্থান সম্পৰ্কে নিশ্চিত তথ্য এতিয়াও পোহৰলৈ অহা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















