অসম লাইভ ২৪ঃ বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা সেউজ সংকেত লাভ কৰে চীনৰ কোভিড ভেকচিন ‘চিন’ফাৰ্মে’। শুকুৰবাৰে ‘চিন’ফাৰ্ম’ক জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন জনাই বিশ্ব স্বাস্থ্য সংস্থাই। বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰচ আধানম ঘ্ৰেবেয়াচাচে সংবাদ মাধ্যমক জনাই এই কথা। বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা অনুমোদন লাভ কৰা প্ৰথমটো কোভিড ভেকচিন ‘চিন’ফাৰ্ম’। ক’ৰোনা ভইৰাছৰ বিৰুদ্ধে ৭৯ শতাংশ কাৰ্যক্ষম এই ভেকচিন। চীনে ইতিমধ্যে ৫টা কোভিড ভেকচিন জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন জনায়। ইয়াৰে বিশেষকৈ ‘চিন’ফাৰ্ম’ আৰু ‘চিন’ভেক’ ভেকচিন দুটাক দেশ আৰু বিদেশত জৰুৰীকালীন ব্যৱহাৰৰ বাবে চীনে অনুমোদন জনায়। এই ভেকচিন ইতিমধ্যে বিশ্বৰ ৪২ খন কেন্দ্ৰীয়শাসিত অঞ্চলত ব্যৱহাৰ কৰিছে। ‘চিন’ফাৰ্ম’ ভেকচিন ৪৫ খন দেশে ব্যৱহাৰৰ বাবে অনুমোদন জনাইছে যদিও কিছু দেশে অনুমোদন জনোৱা নাছিল। কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন লাভ কৰাৰ পাছতেই জৰুৰী ব্যৱহাৰৰ বাবে আগবাঢ়ি আহিছে দেশসমূহ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ