দেশৰ পৰিস্কাৰৰ চহৰৰ ভিতৰত এখন হৈছে ইন্দোৰ৷ এই চহৰে এতিয়া পৰিকল্পনা কৰিছে যে, চহৰত আৰু কোনো স্থানত কোনো ভীখাৰি নব’হে৷ সৰ্বভাৰতীয় সংবাদ সংস্থাই প্ৰকাশ কৰিছে এই খবৰ৷ নতুন বছৰৰ আৰম্ভণিৰ পৰাই ইন্দোৰ জিলা প্ৰশাসনত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব যিয়ে ভীখাৰিক ধন দান কৰিব৷
জিলা শাসক আশিস সিঙে সংবাদমেল সম্বোধন কৰি জনাইছে যে, জিলা প্ৰশাসনে ইতিমধ্যেই ইন্দোৰত ভিক্ষা নিষিদ্ধ কৰাৰ আদেশ জাৰি কৰিছে৷ চহৰত ভিক্ষাৰ বিৰুদ্ধে প্ৰশাসনে প্ৰচাৰ চলাই আছে৷ নতুন বছৰত অৰ্থাৎ ১ তাৰিখৰ পৰাই কাৰ্যকৰী হ’ব এই নতুন নিয়ম৷ ১ জানুৱাৰীৰ পৰা কোনো ভিখাৰীক ধন দিলেই সমস্যাত পৰিব আপুনি৷ তেওঁৰ বিৰুদ্ধে এফ আই আৰো দাখিল কৰা হ’ব বুলিও জনাইছে প্ৰশাসনে৷ চহৰৰ সমস্ত বাসিন্দাসকলক ভিক্ষা দিয়াৰ পৰা বিৰত থাকিবলৈকো অনুৰোধ জনাইছে৷
উল্লেখ্য যে ইন্দোৰ জিলা প্ৰশাসনে চহৰৰ ৰাস্তাসমূহ ভিক্ষুকমুক্ত কৰাৰ চেষ্টা চলাইছে৷ কেন্দ্ৰীয় চৰকাৰে এটা পাইলট প্ৰকল্পৰ অধীনত ভীখাৰিসকলৰ পুনৰ্বাসনৰ বাবেও কাম কৰি আছে৷ দেশৰ মুঠ ১০ খন চহৰত এই পাইলট প্ৰকল্পৰ কাম চলিব৷ চহৰসমূহ হৈছে দিল্লী, বাংগালুৰু, চেন্নাই, হায়দৰাবাদ, ইন্দোৰ, লক্ষ্ণৌ, মুম্বাই, নাগপুৰ, পাটনা আৰু আহমেদাবাদ৷ ইন্দোৰত ভিক্ষা বিৰোধী প্ৰচাৰ চলোৱাৰ সময়ত বেছ চমকপ্ৰদ কিছু তথ্য সন্মুখলৈ আহিছে৷ কোনো কোনো ভিক্ষাৰীৰ পকী ঘৰ থাকে, কাৰোবাৰ সন্তানে আকৌ বেংকৰ কাম কৰে৷ কোনোৱে অন্য চহৰৰ বিলাসবহুল হোটেলত কাম কৰে৷
ভিখাৰী বুলিলেই আমি ভাৱো যে তেওঁলোকৰ দুবেলা দুমুঠিৰ অভাৱ৷ কিন্তু ভিক্ষা কৰিও এতিয়া কোটি কোটি টকাৰ মালিক হ’ব পাৰি সেই কথাৰ প্ৰমাণ দিছে মুম্বাইৰ এজন ভিক্ষাৰীয়ে৷ আনকি ভিক্ষাবৃত্তিৰে চৰকাৰক টেক্সো দি আছে এই হাইপ্ৰফাইল ভিক্ষাৰীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ