২০২৯ চনত দেশত একেলগে নিৰ্বাচন হ’ব নেকি ! লোকসভাত দাখিল ‘এক দেশ এক নিৰ্বাচন’ বিধেয়ক
কেন্দ্ৰীয় চৰকাৰে আজি ১৭ ডিচেম্বৰ মঙলবাৰে সংসদত ‘এক দেশ, এক নিৰ্বাচন’ নিৰ্বাচনী বিধেয়ক দাখিল কৰে। দিনৰ ১২ বজাত লোকসভাত দাখিল কৰে এই বিধেয়কখন। এই বিধেয়কখন সদনত দাখিল কৰে কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে।
বিধেয়কখন দাখিল কৰাৰ পাছত সকলো বিধায়ক এই বিধেয়কখনৰ সপক্ষে আৰু বিপক্ষে ভোটদান কৰে। ২৬৯ জন সাংসদে সদনত বিধেয়কখন উত্থাপন কৰাৰ প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰাৰ বিপৰীতে ১৯৮ জন সাংসদে ইয়াৰ বিৰুদ্ধে ভোটদান কৰে।
ভোটদানৰ অন্তত সপক্ষে অধিক ভোট হোৱাত এই বিধেয়ক দুয়োখন সদনৰ যুটীয়া সমিতিলৈ প্ৰেৰণ কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰামৰ্শৰ পিছতে আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক এই বিধেয়কখন সংসদৰ যুটীয়া সমিতিলৈ বিস্তৃত আলোচনাৰ বাবে প্ৰেৰণ কৰিবলৈ অনুৰোধ জনায়।
যদি যুটীয়া সংসদীয় সমিতিয়ে এই বিধায়কৰ ওপৰত ক্লিয়াৰেন্স দিয়ে আৰু সংসদৰ দুয়োটা সদনে বিধেয়কখন গৃহীত কৰে, তেন্তে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ’ব বিধেয়কখন।
শেষত এই বিধেয়কখন ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰাৰ লগে লগে আইনত পৰিণত হ’ব। যদি এনেকুৱা হয় তেন্তে ২০২৯ চনৰ ভিতৰত সমগ্ৰ দেশতে একেলগে নিৰ্বাচন অনুষ্ঠিত হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ