কি এই ডিংগা ডিংগা ভাইৰাছ! যাৰ ভয়ংকৰ সংক্ৰমণত হাহাকাৰ এইখন দেশত
কৰণা ভাইৰাছৰ ত্ৰাসৰ কথা সকলোৱে জানে, কিদৰে সমগ্ৰ বিশ্বতে প্ৰাণ কাঢ়িলে লাখ লাখ লোকৰ। এই কৰণাৰ ভাইৰাছৰ পৰা এতিয়াও যেন সম্পূৰ্ণ মুক্ত নহয় বিশ্ববাসীলোক। পাছে সেই কৰণা ভাইৰাছৰ পাছত এইবাৰ আন এক ভাইৰাছৰ সংক্ৰমণে ত্ৰাসৰ সৃষ্টি কৰিছে এখন দেশত।
আফ্ৰিকাত এইবাৰ নতুন ভাইৰাছৰ সংক্ৰমণ। যি ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত হৈছে বহু শতাধিক লোক। এই নতুন ভাইৰাছৰ নাম ডিংগা ডিংগা। এই ডিংগা ডিংগাৰ কবলত বিশেষকৈ প্ৰভাৱিত হৈছে আফ্ৰিকা মহাদেশৰ য়ুগাণ্ডা দেশ।
দেশখনৰ পৰা লাভ কৰা খবৰ অনুসৰি বৰ্তমানলৈ দেশখনত এই ডিংগা ডিংগা ভাইৰাছৰ কবলত পৰিছে ৩০০ৰো অধিক লোক। চিকিৎসকো বৰ্তমানে এই ৰোগৰ সঠিক চিকিৎসাৰ সন্ধানত আছে, যদিও বৰ্তমানলৈ ইয়াৰ চিকিৎসা উলিয়াব পৰা নাই।
য়ুগাণ্ডাৰ বুণ্ডিবাগ্যো অঞ্চলত ডিংগা ডিংগা ৰোগ দ্ৰুতগতিত বিয়পি পৰিছে। ডিংগা ডিংগাৰ প্ৰাৰম্ভিক লক্ষণৰ কথা ক’লে ৰোগীৰ জ্বৰ আৰু কঁপনি আৰম্ভ হয়। ৰোগীৰ শৰীৰটো প্ৰচণ্ডভাৱে কঁপি উঠে, যাৰ বাবে ৰোগীগৰাকীৰ খোজ কাঢ়িবলৈও কঠিন হৈ পৰে।
বৰ্তমান এই ৰোগত কোনো লোকৰ মৃত্যুৰ খবৰ পোৱা নাই। ডিংগা ডিংগাৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকে এন্টিবায়টিকৰ সহায় লৈছে। ডিংগা ডিংগা ৰোগ কেৱল য়ুগাণ্ডাৰ বুণ্ডিবাগিঅ’তহে বিয়পি পৰিছে। আশে-পাশে থকা অঞ্চলত এই ৰোগৰ কোনো প্ৰমাণ পোৱা নাই।
ডিংগা ডিংগা ৰোগৰ উৎপত্তি ক’ত আৰু কিয়? এই কথা এতিয়াও প্ৰকাশ কৰা হোৱা নাই। কিন্তু প্ৰশাসনে বাহিৰা মানুহক বুণ্ডিবুগ্যো অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে। এই অঞ্চলত বহুতো স্বাস্থ্য অভিযান চলোৱা হৈছে, যাতে এই ৰোগ শিপাৰ পৰা নিৰ্মূল কৰিব পৰা যায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ