কঠোৰ কাৰ্ফিউ চলি থকা সত্ত্বেও দেশজুৰি প্ৰতিবাদ অব্যাহত আছে নেপালত৷ নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি আৰু কেইবাজনো ৰাজনৈতিক নেতাৰ ঘৰত জুই লগাই দিছে প্ৰতিবাদকাৰীয়ে৷ কাঠমাণ্ডুত ক্ষমতাহীন কমিউনিষ্ট পাৰ্টি অফ নেপাল বা চি পি এন আৰু নেপালী কংগ্ৰেছৰ দলীয় সদৰ দপ্তৰো ভাঙি চুৰমাৰ কৰি পেলোৱা হৈছে৷ তীব্ৰ বিক্ষোভৰ পাছতেই অলিয়ে প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিছে৷ জেন জি প্ৰটেষ্ট নেমেৰে পৰিচিত এই অস্থিৰতাৰ নেতৃত্ব দিছে মূলত ২৮ বছৰতকৈ তলৰ তৰুণ তৰুণীয়ে৷
সোমবাৰে পথলৈ ওলাই অহা হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ বেছিভাগেই ইউনিফৰ্ম পৰিহিত আছিল৷ আৰক্ষীয়ে জনতাৰক ওপৰত গুলি চলোৱাৰ পাছতেই আৰু অধিক হিংস্ৰ হৈ পৰে পৰিস্থিতি৷ যাৰ ফলত ১৯গৰাকীকৈ প্ৰতিবাদকাৰী নিহত হয়৷ ইয়াৰ প্ৰতিক্ৰিয়াত নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখকেও পদত্যাগ কৰে৷ তেওঁ পদত্যাগ পত্ৰত লিখিছে যে তেওঁ এই ট্ৰেজেডিৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিছে৷ অলিৰ পদত্যাগৰ পাছতেই পৰবৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নাম উত্থাপিত হৈছে বালেন্দ্ৰ শ্বাহৰ৷ জানি থওক তেওঁ কোন?
কাঠমাণ্ডুৰ ১৫ সংখ্যক মেয়ৰ বালেন্দ্ৰ শ্বাহ কেৱল এজন ৰাজনীতিবিদেই নহয় এজন ছিভিল ইঞ্জিনিয়াৰো৷ বহু তৰুণ নেপালীৰ কাষত তেওঁ আশা আৰু পৰিবৰ্তনৰ প্ৰতিনিধি৷ বালেনে মেয়ৰ পদত জয়লাভ কৰাৰ পাছৰে পৰাই নেপালৰ জনতাই তেওঁক ভৱিষ্যতৰ এজন সম্ভাৱ্য প্ৰধানমন্ত্ৰী হিচাপে চাবলৈ আৰম্ভ কৰে৷ তেওঁৰ সাফল্যই অন্য প্ৰাৰ্থীসকলকো ৰাজনীতিত ভৰি দিয়াৰ বাবে উৎসাহিত কৰিথে৷ এই নতুন শক্তিৰ এক স্পষ্ট ফলাফল আছিল ৰবি লামিছানেৰ নেতৃত্বত ৰাষ্ট্ৰীয় স্বাধীন পাৰ্টিৰ উত্থান, যিয়ে নেপালৰ সংসদৰ নিম্নকক্ষত ২১ খন আসন লাভ কৰিছে৷
এই অস্থিৰতাৰ মাজত ব্যৱসায়ৰ পৰা ৰাজনীতিবিদত পৰিণত মিঃ শ্বাহে প্ৰতিবাদকাৰীসকলৰ প্ৰতি সংহতি প্ৰকাশ কৰিছে৷ এক ফেছবুক পোষ্টত, কাঠমাণ্ডুৰ মেয়ৰে কৈছে যে আয়োজকসকলৰ দ্বাৰা নিৰ্ধাৰিত বয়সৰ সীমাৰ কাৰণে তেওঁ উপস্থিত থাকিব পৰা নাই৷ তেওঁ উপস্থিত নাথাকিলেও তেওঁ দেশৰ তৰুণসকলৰ সৈতে আছে৷
১৯৯০ চনত কাঠমাণ্ডুত জন্মগ্ৰহণ বালেন্দ্ৰৰ৷ তেওঁ নেপালৰ ছিভিল ইঞ্জিনিয়াৰিঙত অধ্যয়ন কৰে আৰু পাছত ভাৰতৰ বিশ্বেশ্বৰায়া টেকনোলজিকেল বিশ্ববিদ্যালয়ৰ পৰা ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে৷ ৰাজনীতিত প্ৰৱেশৰ পূৰ্বে মিঃ শ্বাহে নেপালৰ আণ্ডাৰগ্ৰাউণ্ড হিপ হপ জগততো এজন যাৰ্পাল আৰু গীতিকাৰ হিচাপে সক্ৰিয় আছিল৷ প্ৰায়েই তেওঁ সংগীতৰ মাধ্যমেৰে দুৰ্নীতি আৰু বৈষম্যৰ দৰে বিষয়সমূহ উত্থাপন কৰি আহিছে৷ ২০২২ চনত তেওঁ কাঠমাণ্ডুৰ মেয়ৰ নিৰ্বাচনত এজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে আৰু ৬১০০০ ৰো বেছি ভোট লাভ কৰি তেওঁ জয়ীও হয়৷
উল্লেখ্য যে এই আন্দোলন নেপালৰ ৰাজনৈতিক ইতিহাসত নতুন উত্থান৷ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি সকলোৱে পদত্যাগ কৰাৰ পাছত দেশৰ শাসন কোনে চম্ভালি ল’ব সেই লৈয়ো উঠিছে প্ৰশ্ন৷ তাৰমাজতেই বহুতে বালেনকেই পৰবৰ্তী প্ৰধানমন্ত্ৰীৰ ৰূপত দেখা পাব বুলি ধাৰণাও কৰিছে৷ কিন্তু বালেন আৰু অন্যান্য নিৰ্দলীয় সকলে চলাব পাৰিবনে দেশ সেই লৈ বহুতেই সন্দিহানো হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















