আন্দোলন কেইবাদিন ধৰি চলি আছিল৷ সংৰক্ষণৰ বিৰুদ্ধে বাংলাদেশৰ ৰাজপথত নামিছিল লাখ লাখ ছাত্ৰ৷ নিজৰ দাবী প্ৰতিষ্ঠাৰ বাবে প্ৰাণ দিবলৈকো ৰাজী বাংলাদেশৰ বহু ছাত্ৰ৷ কিন্তু বিগত ৪৮ঘণ্টাত যি হাৰত মৃতকৰ সংখ্যা বৃদ্ধি পালে তাকে লৈ সমগ্ৰ দেশৰ লগতে বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ এই সকলোবোৰৰ মাজত সলনি হৈ পৰে সোমবাৰৰ কাহিনী৷ সোমবাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ পৰা ইস্তাফা দিলে শ্বেখ হাছিনাই৷ কেৱল ইস্তাফা দিয়াই নহয় বাংলাদেশ এৰি ভাৰতত প্ৰৱেশ কৰিছে হাছিনা আৰু তেওঁৰ ভগ্নী ৰেহানাই৷
পৰিস্থিতি সামৰি ল’বলৈ অন্তৰ্বৰ্তী চৰকাৰ গঠনৰ দিহা কৰিছে সেনাই৷ সেনাপ্ৰধান ৱায়কাৰ উজ জামানে জনতাক উদ্দেশ্যি কৈছে, ‘আমি দেশৰ ভাৰ নিজৰ কান্ধত লৈছো৷’ অৰ্থাৎ শ্বেখ হাছিনাৰ পলায়নৰ পাছতেই বাংলাদেশৰ সকলো দায়িত্ব সেনাপ্ৰধানৰ হাতত৷ কিন্তু এইগৰাকী সেনাপ্ৰধানৰ প্ৰকৃত পৰিচয় জানেনে?
ৱাকাৰ উজ জামানে সেনা হিচাপে প্ৰায় চাৰি দশক ধৰি কাম কৰি আছে৷ দুবছৰ পূৰ্বে তেওঁ ৰাষ্ট্ৰপুঞ্জৰ শান্তিৰক্ষা বাহিনীৰো সদস্য আছিল৷ মাত্ৰ ২মাহ পূৰ্বে অৰ্থাৎ বিগত জুন মাহত তেওঁ সেনাপ্ৰধানৰ দায়িত্ব কান্ধ পাতি লৈছে৷ প্ৰাক্তন জেনেৰেল এছ এম ছইফুদ্দিন আহমেদৰ ম্যাদ শেষ হোৱাৰ পাছত নতুন সেনাপ্ৰধানৰ দায়িত্ব লৈছে ৱাকাৰ উজ জামানে৷
মূলত পদাতিক বাহিনীৰ সদস্য আছিল বৰ্তমানৰ সেনাপ্ৰধানগৰাকী৷ ইনফেণ্ট্ৰী বেটেলিয়ান, ইনডিপেণ্ডেণ্ট ইনফেণ্ট্ৰী ব্ৰিগেড, ইনফ্ৰেণ্ট্ৰী ডিভিজনৰো তেওঁ সদস্য আছিল৷ ইয়াৰোপৰি স্কুল অৱ ইনফেণ্ট্ৰী টেকটিক্স আৰু সেনা হেডকোৱাৰ্টাৰো দায়িত্বত আছিল ৱাকাৰ উজ জামান৷
বাংলাদেশৰ মিলিটাৰি একাডেমিত শিক্ষাগ্ৰহণ কৰিছিল ৱাকাৰ উজ জামানে৷ পৰবৰ্তীসময়ত মীৰপুৰৰ ডিফেন্স ছাৰ্ভিছ কমাণ্ডো এণ্ড ষ্টাফ কলেজ, জয়েণ্ট চাৰ্ভিছ কমাণ্ড আৰু ইউ কেৰ ষ্টাফ কলেজত পঢ়াশুনা কৰে ৱাকাৰ উজ জামানে৷ বাংলাদেশৰ জাতীয় বিশ্ববিদ্যালয় আৰু লণ্ডনৰ কিংছ কলেজত প্ৰতিৰক্ষাক লৈ পঢ়াশুনা কৰিছিল ৱাকাৰ উজ জামানে৷ বাংলাদেশৰ সেনাবাহিনীত দক্ষতাৰ বাবে একাধিক মেডেলো পাইছে তেওঁ৷ সেই সেনাপ্ৰধানেই বাংলাদেশৰ দায়িত্ব গ্ৰহণ কৰিছে৷ অন্তৰ্বৰ্তী চৰকাৰ গঠনৰ ওপৰিও তেওঁ বাংলাদেশৰ জনতাক আশ্বাস দিছে, ‘প্ৰতিটো মৃত্যুৰেই বিচাৰ হ’ব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ