অসম লাইভ ২৪ঃ CDS বিপিন ৰাৱাটৰ শোকাৱহ বিমান দুৰ্ঘটনাত মৃত্যু হোৱাৰ লগে লগে এটা প্ৰশ্ন সকলোফালে উদয় হৈছে যে দেশত নতুন CDS হিচাপে কাক নিযুক্তি দিয়া হ’ব? ইতিমধ্যে বিপিন ৰাৱাটৰ মৃত্যুৰ পিছতে দিল্লীত সঘনে বহিছে উচ্চস্তৰীয় বৈঠক।
দেশৰ প্ৰথমগৰাকী CDS মৃত্যুৰ পিছত বিপিন ৰাৱাটৰ স্থান কোনে লব পাৰিব? লগতে কেৱল স্থান লোৱাই নহয় বিপিন ৰাৱাটৰ দৰে প্ৰতিৰক্ষা বিভাগটোক গতিশীল কৰি ৰাখিব পাৰিব নে? তাক লৈয়ো প্ৰশ্নৰ উদয় হৈছে বৈঠকত ভাগলোৱা মূৰব্বীসকলৰ মাজত।
ইয়াৰ মাজতে সৰ্বসন্মতি মৰ্মে সকলোৰে মাজতে এটাই নাম উচ্চাৰিত হৈছে, যিয়ে স্থান লব পাৰিব প্ৰাক্তন CDS বিপিন ৰাৱাটৰ ঠাই। আৰু সেইগৰাকী বিশেষ ব্যক্তিৰ নামেই হৈছে সেনাৰ মুখ্য জেনেৰেল এম এম নাৰাৱানৰ নাম। এম এম নাৰাৱান বৰ্তমান সময়ত ৪০ সংখ্যক Chief Of Army Staff হিচাপে সেৱা আগবঢ়াই আছে।
এম এম নাৰাৱানৰ জন্ম হৈছিল ১৯৬০ চনৰ ২২ এপ্ৰিল তাৰিখে মহাৰাষ্ট্ৰৰ পুনেত। আৰু এক প্ৰকাৰে নাৰাৱান যে দেশৰ নতুন আৰু দ্বিতীয়গৰাকী CDS হ’ব সেয়া প্ৰায় নিশ্চিত। কেৱল আনুষ্ঠানিক ঘোষণাহে বাকী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ