• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

30 minutes ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

10 minutes ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

1 hour ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

2 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

3 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

4 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

5 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

18 hours ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

19 hours ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

19 hours ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

19 hours ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

20 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

কিন্তু আপুনি জানেনে এই নিয়মবোৰৰ আঁৰত ৩০০০ বছৰীয়া কাহিনী নিহিত হৈ আছে?

editor by editor
August 28, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?
0
SHARES
69
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জন্মদিনত কেক কটাৰ পৰম্পৰা আছে। উদযাপন কৰিলে এটা ধুনীয়া কেক আৰু তাৰ ওপৰত জ্বলি থকা ৰঙীন মমবাতি মনলৈ আহে। গান গোৱা আৰু কেক কাটিবৰ পূৰ্বে মমবাতি নুমুৱাই দিয়াটো আজি সমগ্ৰ বিশ্বতে অন্যতম প্ৰধান প্ৰথা।

ইতিহাসবিদসকলৰ মতে বিশেষ দিন উদযাপনৰ এই আচৰিত ধাৰণাটো প্ৰথমে প্ৰাচীন মিচৰৰ হাতৰ পৰাই আৰম্ভ হৈছিল। তাত সাধাৰণ মানুহৰ বাবে নহয়, ফেৰাউন বা ৰজাৰ বাবে সেই দিনটো বিশেষ মৰ্যাদাৰে পালন কৰা হৈছিল। মিচৰীয়াসকলে বিশ্বাস কৰিছিল যে ৰাজ অভিষেকৰ পিছত ৰজা মানুহৰ পৰা দেৱতালৈ পৰিণত হৈছিল আৰু এইটোৱেই তেওঁলোকৰ প্ৰকৃত জন্মদিন।

মিচৰীয়াসকলৰ ৰাজত্ববাদৰ ধাৰণাটো পিছলৈ প্ৰাচীন গ্ৰীকসকলে মিঠা কেকৰ সৈতে জড়িত কৰি তুলিছিল। তেওঁলোকে নিজৰ চন্দ্ৰদেৱী আৰ্টেমিছক সন্তুষ্ট কৰিবলৈ চন্দ্ৰৰ দৰে আকৃতিৰ বিশেষ কেক বনাইছিল। কেকৰ প্ৰকৃত পৰম্পৰা আৰম্ভ হৈছিল বিশুদ্ধ মৌ আৰু আটাৰে তৈয়াৰী দেৱীৰ মন্দিৰলৈ আগবঢ়োৱা নৈবেদ্যৰ পৰা।

গ্ৰীকসকলে প্ৰথমে চন্দ্ৰ আকৃতিৰ কেকত জ্বলোৱা চাকি ৰখাৰ প্ৰথা আৰম্ভ কৰিছিল। কেকত চাকি জ্বলাই ৰখাৰ মূল উদ্দেশ্য আছিল চন্দ্ৰৰ কোমল আৰু উজ্জ্বল পোহৰক চিত্ৰিত কৰা। তদুপৰি তেওঁলোকৰ দৃঢ় বিশ্বাস আছিল যে এই জ্বলন্ত পবিত্ৰ শিখাই মানুহৰ হৃদয়ৰ ভক্তি আৰু প্ৰাৰ্থনাক পোনপটীয়াকৈ স্বৰ্গত থকা দেৱতাসকলৰ ওচৰলৈ লৈ যায়।

মমবাতি উৰুৱাই দিয়াৰ আঁৰৰ ৰহস্যটোও গ্ৰীকসকলে সৃষ্টি কৰা এক আচৰিত বিশ্বাসৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। তেওঁলোকে বিশ্বাস কৰিছিল যে চাকি নুমুৱাই পোনে পোনে আকাশলৈ উঠি অহা ধোঁৱাই মানুহৰ মনৰ সুপ্ত ইচ্ছাক ভগৱানৰ ওচৰলৈ লৈ যায়। এই প্ৰাচীন বিশ্বাসৰ বাবেই আজি চাকি উৰুৱাই দিয়াৰ আগতে চকু মুদি ‘ইচ্ছা’ এটা কৰাৰ প্ৰথা আৰম্ভ হৈছে।

আনহাতে জাৰ্মানীৰ ‘কিণ্ডাৰফেষ্ট’ নামৰ প্ৰাচীন পৰম্পৰাৰ পৰাই জন্মদিনৰ চাকি অধিক জনপ্ৰিয় হৈ উঠিছিল। তাতে শিশুৰ জন্মদিনত এটা বিশেষ কেক বা ৰুটিৰ মাজত গোটেই দিনটো এটা ডাঙৰ চাকি জ্বলাই ৰখা হৈছিল। এই জ্বলন্ত শিখাই আছিল মানুহৰ জীৱনৰ পোহৰ আৰু এক সুন্দৰ ভৱিষ্যতৰ প্ৰতীক, যিটো আজি সংখ্যা অনুসৰি স্থাপন কৰা হৈছে।

ইউৰোপত মধ্যযুগত মানুহৰ জন্মদিনত দুষ্ট আত্মা বা বেয়া শক্তিয়ে মানুহৰ ওপৰত চকু ৰাখিছে বুলি বিশ্বাস কৰা হৈছিল। গতিকে, বেয়া শক্তিবোৰক ভয় খুৱাবলৈ গোটেই দিনটো চাকি জ্বলাই ৰখা হৈছিল। ইয়াৰ উপৰিও বন্ধু-বান্ধৱ আৰু আত্মীয় সকলোৱে একেলগে চিঞৰিছিল, গান গাইছিল আৰু আনন্দ কৰিছিল, যাতে কোলাহল শুনি কোনো দুষ্ট ছাঁই তেওঁলোকৰ কাষ চাপিব নোৱাৰে।

এসময়ত সমাজৰ ৰজা, ধনী বা শক্তিশালী অভিজাত শ্ৰেণীয়েহে জন্মদিন উদযাপনৰ সুযোগ পাইছিল। তেতিয়া সাধাৰণ মানুহে কেৱল সাধুৰ দিন উদযাপন কৰিছিল, কিন্তু সময়ৰ লগে লগে সকলো প্ৰভেদ মচি পেলোৱা হৈছে আৰু আজি ই সকলোৰে বাবে এক উৎসৱত পৰিণত হৈছে। গতিকে পিছৰবাৰ জন্মদিনত চাকি উৰুৱাই দিলে মনত ৰাখিব যে আপুনি হাজাৰ বছৰীয়া পৰম্পৰাত যোগদান কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?
বিশ্ব

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

August 28, 2026
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!
বিশ্ব

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

August 28, 2026
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!
জীৱনশৈলী

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

August 28, 2026
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক
বিশ্ব

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

August 28, 2026
Next Post
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ'ব এতিয়া নেপালৰ ভৱিষ্যৎ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.