অসম লাইভ২৪ঃ ফেশ্বনৰ এই যুগত প্ৰত্যেকজন ব্যক্তিয়েই পোনতে পিন্ধা কাপোৰক বিশেষভাৱে গুৰুত্ব দিয়ে৷ এজন মানুহৰ মৌলিক প্ৰয়োজন হৈছে অন্ন, বস্ত্ৰ, বাসস্থান৷ মানৱ সভ্যতাৰ ইতিহাসলৈ আমি যদি উভতি চাও তেন্তে দেখা যায় যে খাদ্যহে মানুহৰ প্ৰথম প্ৰয়োজন৷ ইয়াৰ পাছতেই সভ্যতাৰ বিকাশৰ সৈতে আহিল কাপোৰ আৰু বাসস্তানৰ প্ৰয়োজনীয়তা মানুহে অনুভৱ কৰিব ধৰিলে৷ কিন্তু আজিও পৃথিৱীৰ বহুকেইখন ঠাইত আদিম মানৱ আছে বুলি একাংশই দাবী কৰে৷ সেই সকল ব্যক্তিয়ে আজিও কাপোৰৰ প্ৰয়োজনীয়তা অনুভৱ নকৰে৷ কিন্তু কেতিয়াৰে পৰা মানৱ জাতিয়ে কাপোৰৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলে?
গৱেষকে কি কয়?
পৃথিৱীত মানৱ সভ্যতাৰ ইতিহাসক লৈ গৱেষণা কৰি থকা নৃতত্ত্ববিদসকলে দাবী কৰা অনুযায়ী এতিয়াৰে পৰা প্ৰায় ১ লাখ ৭০ হাজাৰ বছৰ পূৰ্বে মানৱ জাতিয়ে কাপোৰৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল৷ তেতিয়া মানৱ প্ৰজাতিৰ শৰীৰত দুই প্ৰকাৰৰ ওকণি হৈছিল৷ এবিধ শৰীৰত আনবিধ ছালত৷ এই ওকণি মানুহৰ শৰীৰত তেতিয়াই উৎপন্ন হৈছিল যেতিয়া মানুহে ন’কৈ বস্ত্ৰ পিন্ধিবলৈ আৰম্ভ কৰিছিল৷ বস্ত্ৰও যদি চোৱা যায় তেন্তে দেখা যায় যে খাদ্যৰ বাবে চিকাৰ কৰি অনা জন্তুৰ ছাল বখলিয়াই তাকেই বস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল৷ এনেদৰে পৰিধান কৰা বস্ত্ৰসমূহ ধোৱাৰ প্ৰয়োজনীয়তা আদিম মানৱে তেতিয়ালৈ অনুভৱেই কৰা নাছিল৷ লাহে লাহে ওকণিৰ আক্ৰমন বাঢ়িল৷ ওকণিৰ আক্ৰমনৰ পৰা হাত সাৰিবলৈ গা-ধোৱা বস্ত্ৰসমূহ পৰিস্কাৰ কৰা আদি কাম কৰিবলৈ আৰম্ভ কৰে মানৱ জাতিয়ে৷
পৃথিৱীৰ কোন ঠাইত বাস কৰা বাসিন্দাই পোনতে বস্ত্ৰ পৰিধান কৰিছিল?
ইউৰোপত বাস কৰা নিয়াণ্ডাৰথালসকলে তীব্ৰ ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ পোনতে কাপোৰ পিন্ধা আৰম্ভ কৰে৷ অৱশ্যে, তেতিয়া তেওঁলোকৰ আজিৰ দৰে কাপোৰ নাছিল৷ ঠাণ্ডা দূৰ কৰিবলৈ জন্তুৰ ছাল পৰিধান কৰিছিল৷ একাংশ গৱেষকে দাবী কৰা অনুযায়ী মানুহ আৰু নিয়াণ্ডাৰথালৰ মাজৰ পাৰ্থক্য আছে৷ নিয়াণ্ডাৰথালসকলে জন্তুৰ ছাল শুকুৱাবলৈকে পিন্ধিছিল, আনহাতে মানুহৰ পূৰ্বপুৰুষসকলে কাটি শুকুৱাইহে এই ছালসমূহ পিন্ধিছিল। আজিৰ মানৱে ব্যৱহাৰ কৰা অস্ত্ৰসম্ভাৰো তেতিয়াৰ নিয়াণ্ডাৰথালসকলৰ পৰাই আৰম্ভ হোৱা৷ আজিও ঠাণ্ডা ঠাইসমূহত জন্তুৰ ছালেৰে তৈয়াৰ কৰা বস্ত্ৰৰ ব্যৱহাৰ হয়৷ ইয়াৰোপৰি গৱেষকে দাবী কৰামতে তেতিয়াৰ নিয়াণ্ডাৰসকলে বস্ত্ৰ কেৱল লজ্জা নিৱাৰণৰ বাবেই নহয় ষ্টাইলৰ দিশটোতো গুৰুত্ব আৰোপ কৰিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ