সমগ্ৰ দেশতে বৃদ্ধি পোৱা মূল্য নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে সোমবাৰৰ পৰা পিঁয়াজৰ বাফাৰ ষ্টক মুকলি কৰিবলৈ আৰম্ভ কৰিব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নাচিকৰ পৰা দিল্লী, চেন্নাই, কোচি, আৰু গুৱাহাটী আদি চহৰলৈ “kanda-express” নামৰ পিয়াঁজৰ ৰে’ল চলাচল কৰিব, য’ত খুচুৰা পিঁয়াজৰ মূল্য ৰাষ্ট্ৰীয় গড়তকৈ বেছি।
শনিবাৰে পিঁয়াজৰ গড় খুচুৰা মূল্য প্ৰতি কিলোগ্ৰামত ৪২ টকা হয়, যিটো এবছৰৰ আগৰ তুলনাত ৪৫% আৰু পূৰ্বৰ মাহৰ তুলনাত ১৯% বৃদ্ধি। এনে সময়তে এই পদক্ষেপ লোৱা হৈছে যেতিয়া ডাঙৰ চহৰবোৰত পিঁয়াজ আৰু চেনি দুয়োটাৰে দাম বৃদ্ধি পাইছে, যাৰ ফলত ঘৰুৱা বাজেটত হেঁচা পৰিছে। চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ মজুত উপলব্ধ হোৱাৰ লগতে কম মূল্যত পৰ্যায়ক্ৰমে পিয়াঁজ বজাৰলৈ মুকলি কৰি দিয়া হ’ব বুলি উল্লেখ কৰিছে।
মেট্ৰ’ চহৰত পিঁয়াজৰ দাম বেছি
গ্ৰাহক পৰিক্ৰমা বিভাগৰ তথ্য অনুসৰি শনিবাৰে দিল্লীত প্ৰতি কিলোগ্ৰামত পিয়াঁজ বিক্ৰী হৈছিল ৬৫ টকা, যিটো এবছৰৰ পূৰ্বে আছিল ৩৫টকা। চেন্নাইত প্ৰতি কেজিৰ দাম আছিল ৫৮ টকা, যিটো এবছৰৰ আগতে ৩৩ টকা আছিল। কেৰালা আৰু অসমৰ কিছু অংশতো বৃদ্ধি পাইছে পিঁয়াজৰ দাম।
ষ্টকৰ অভাৱ নাই
খুচুৰা চেনিৰ মূল্যও ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। শনিবাৰে মুকলি চেনিৰ প্ৰতি কেজি ৬২.৫ টকা বিক্ৰী হয়, যিটো এবছৰৰ আগৰ তুলনাত ৩৪% বৃদ্ধি আৰু এমাহ আগৰ তুলনাত ২৮.৫% বৃদ্ধি (যেতিয়া প্ৰতি কেজিৰ মূল্য আছিল ৪৬ টকা)। দিল্লীত প্ৰতি কেজি ৬৫ টকাত চেনি বিক্ৰী হোৱাৰ বিপৰীতে মুম্বাইত প্ৰতি কেজি ৬৯ টকাত বিক্ৰী হয়। বিষয়াসকলে কয় যে পিয়াঁজ কম দামত পদ্ধতিগতভাৱে মুকলি কৰা হ’ব, কিয়নো কিছুমান ব্যৱসায়ীয়ে কৃত্ৰিমভাৱে দাম বৃদ্ধি কৰিব পাৰে। তেওঁলোকে কয় যে আগন্তুক মাহত চাহিদা পূৰণ কৰিব পৰাকৈ চৰকাৰ তথা কৃষকৰ হাতত পৰ্যাপ্ত মজুত আছে। খাদ্য মন্ত্ৰালয়ে কয় যে চেনিৰ মজুতও পৰ্যাপ্ত পৰিমাণে উপলব্ধ। ইয়াৰ পূৰ্বে ২০২৪ চনৰ অক্টোবৰ মাহত চৰকাৰে নাছিকৰ পৰা দিল্লী আৰু দেশৰ অন্যান্য প্ৰান্তলৈ “কাণ্ডা এক্সপ্ৰেছ” ৰে’ল আৰম্ভ কৰিছিল দাম নিয়ন্ত্ৰণৰ বাবে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















