অসম লাইভ২৪ঃ ‘দ্যা কেৰালা ষ্টৰী’ নিষিদ্ধ কৰাক লৈ এইবাৰ উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰিছে পশ্চিমবংগ চৰকাৰক। সমগ্ৰ দেশতেই চিনেমাখন চলি থকাৰ সময়তে পশ্চিমবংগত ‘দ্যা কেৰালা ষ্টৰী’ নিষিদ্ধ ঘোষণা কৰিছিল মমতা শাসনাধীন চৰকাৰে। পশ্চিমবংগই কিয় চিনেমাখন নিষিদ্ধ কৰিলে? এই প্ৰশ্ন মমতা চৰকাৰক কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ৰ প্রধান বিচাৰপতি ডিৱাই চন্দ্ৰচূড়ৰ বিশেষ বিচাৰপীঠে।
‘দ্যা কেৰালা ষ্টৰী’ নিষিদ্ধ কৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হৈছিল চিনেমাখনৰ নিৰ্মাতাসকল। সেই গোচৰৰ ভিত্তিতেই পশ্চিমবংগ চৰকাৰক চিনেমাখন নিষিদ্ধ কৰাৰ কাৰণ দৰ্শাবলৈ জাননী প্ৰেৰণ কৰিছে উচ্চতম ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠে। কেৱল পশ্চিমবংগই নহয়, চিনেমাখন নিষিদ্ধ হৈছে তামিলনাডুতো। তামিলনাডু চৰকাৰলৈকো জাননী প্ৰেৰণ কৰিছে উচ্চতম ন্যায়ালয়ে।
চিনেমাৰ প্ৰযোজকৰ সৈতে আদালতত প্ৰশ্ন উত্থাপন কৰিছিল অধিবক্তা হৰিছ ছালভেই। তেওঁ আদালতত কয়, ‘আইন শৃংখলাৰ কথা কৈ মমতা চৰকাৰে চিনেমাখনৰ সম্প্ৰচাৰ বন্ধ কৰি দিছিল। কিন্তু দেশৰ অন্যপ্ৰান্ততো এই ছবি চলি আছে। আন ৰাজ্যসমূহত এই সমস্যাই দেখা দিয়া নাই। তেন্তে পশ্চিমবংগতেই কিয় সমস্যা হোৱাৰ আশংকা কৰিছে?’
ইফালে মমতা চৰকাৰৰ হৈ আদালতত উপস্থিত থকা অধিবক্তা অভিষেক মনু সিংভিয়ে কয়, ‘চিনেমাখন চলিলেই ৰাজ্যত আইন শৃংখলা নিয়ন্ত্ৰণত সমস্যাই দেখা দিব পাৰে সেই আশংকাতেই আমাৰ ৰাজ্যত চিনেমাখন বন্ধ ৰখা হৈছে।’ দুইপক্ষৰ প্ৰশ্ন আৰু উত্তৰ শুনাৰ পাছতেই আদালত ন্যায়াধীশে কয়, ‘চিনেমাখন সমগ্ৰ দেশতেই চলি আছে। পশ্চিমবংগ দেশৰ বাহিৰৰ ৰাজ্য নহয়। কিয় পশ্চিমবংগত এই চিনেমা নিষিদ্ধ কৰা হ’ল?’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ