ভাৰত আৰু নেপালৰ মাজত সম্পৰ্ক বহু পুৰণি৷ দৃঢ়ও এই সম্পৰ্ক৷ দুই দেশৰ মাজত সীমান্তও উন্মুক্ত৷ ভাৰত আৰু নেপালৰ মাজত যাতায়াতৰ বাবে কোনো ভিছা বা পাছপৰ্টৰো প্ৰয়োজন নাই৷ কিন্তু ১৯৫০ চনত হোৱা সেই শান্তি চুক্তিক লৈ বহুবাৰ প্ৰশ্ন উত্থাপন কৰি আহিছে নেপালে৷ সেই চুক্তিত প্ৰকৃততে কি হৈছিল?
নেপাল আৰু ভাৰতৰ মাজত আছে ১ হাজাৰ ৭৫১ কিঃমিঃ দীৰ্ঘ সীমান্ত৷ ভাৰতৰ উত্তৰাখণ্ড, উত্তৰপ্ৰদেশ, বিহাৰ, ছিকিম আৰু পশ্চিমবংগই নেপালৰ সৈতে সীমান্ত ভাগ কৰি আছে৷ দুই দেশৰ মাজত আছে বাণিজ্যিক সম্পৰ্কও৷ একেলগে দুই দেশৰ নাগৰিকক ভিছা কিংবা পাছপৰ্টৰো প্ৰয়োজন নাই৷ ১৯৫০ চনত হোৱা শান্তি চুক্তিৰ বাবেই দুই দেশৰ সীমা সম্পূৰ্ণ উন্মুক্ত৷ ৭৫ বছৰ পূৰ্বে এনে কি বুজাপৰা হৈছিল নেপাল আৰু ভাৰতৰ মাজত?
ভাৰত আৰু নেপালে ১৯৫০ চনৰ ৩১ জুলাইত মৈত্ৰী আৰু শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল৷ দুই দেশৰ মাজত শান্তি আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজায় ৰখাৰ মূলত এই চুক্তি৷ ভাৰত আৰু নেপালৰ মাজত দীৰ্ঘ কেইবা দশক ধৰি ধাৰ্মিক, সাংস্কৃতিক আৰু পাৰিবাৰিক সম্পৰ্ক আছে৷ নেপালে ভাৰতৰ ওপৰত বহু বাণিজ্য আৰু কৰ্মসংস্থানৰ বাবে নিৰ্ভৰশীল৷ হাজাৰ হাজাৰ নেপালী লোকে ভাৰতত কৰ্মৰত আৰু ভাৰতীয়ইয়ো নেপালত ব্যৱসায়ৰ কামত যাতায়াত কৰে৷ ভাৰতৰ বাবে নেপাল এখন বাফাৰ ষ্টেট৷ অৰ্থাৎ চীন আৰু ভাৰতৰ মাজত অৱস্থিত চুবুৰীয়া বন্ধু৷ ১৯৫০ চনৰ বুজাপৰা অনুসৰি নেপালে যেতিয়া অন্য কোনো দেশৰ যুদ্ধ কৰে তাৰ পূৰ্বে ভাৰতৰ পৰা অনুমতি ল’ব লাগে৷
ভাৰত আৰু নেপালৰ নাগৰিকৰ দুই দেশতেই সম্পত্তি, বাণিজ্য, বাসস্থানৰ অধিকাৰ আছে৷ অৰ্থাৎ এজন নেপালী লোকে ভাৰতত সম্পত্তি কিনিব পাৰে৷ এজন ভাৰতীয়ই নেপাললৈ গৈ স্থায়ীভাৱে বসবাস কৰিব পাৰে৷ দুই দেশে যি কোনো সময়ত এই সন্ধিত সাল সলনি আনিবলৈ আৰ্জি জনাব পাৰে৷
এই বুজাপৰা সলনি কৰাৰ দাবী উঠিছে একাধিকবাৰ৷ নেপালৰ বক্তব্য, ১৯৫০ চনত যেতিয়া এই চুক্তি হৈছিল তেতিয়া নেপালত ৰাজতন্ত্ৰ আছিল৷ ইয়াৰোপৰি নেপালৰ অভিযোগ, অধিকাংশ ক্ষেত্ৰতেই সন্ধিৰ দোহাই দি ভাৰতে নেপালক সৰু ৰাষ্ট্ৰ বুলি বহতীয়া হ’বলৈ বাধ্য কৰায়৷
সন্ধিৰ ২, ৬ আৰু ৭ নম্বৰ অনুচ্ছেদক লৈ বাৰে বাৰে আপত্তি দৰ্শাইছে নেপালে৷ অনুচ্ছেদ২ অনুসৰি দুই দেশৰ চৰকাৰ আৰু অন্য কোনো দেশৰ সৈতে হোৱা মতভেদৰ বিৱৰণ এখন দেশে অন্য দেশক জনাব লাগে৷ নিজৰ মাজতো যদি কেতিয়াবা মতপাৰ্থক্যই দেখা দিয়ে তেতিয়া আলোচনা পৰামৰ্শৰ মাধ্যমেৰে সেয়া দূৰ কৰিবলৈ চেষ্টা কৰিব লাগে দুই দেশেই৷
চীন, পাকিস্তান কিংবা আমেৰিকাৰ সৈতে কোনো বাণিজ্যিক বা কূটনৈতিক সম্পৰ্ক তৈয়াৰ কৰিবলৈ হলে নেপালে ভাৰতৰ সৈতে আলোচনা কৰিব লাগে৷ তেওঁলোকে স্বাধীন বিদেশ নীতিত আঘাতপ্ৰাপ্ত হৈছে বুলি ধাৰণা কৰে নেপালে৷ ১৯৯৪ চনত অভিযোগ যে ১৯৫০ চনত ভাৰত নেপাল চুক্তি তুলনাত ভাৰতৰ বাবে বেছি অনুকূল৷ ৰাজনৈতিক লাভ হয় একতৰফা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















