ডিজিটেল ডেস্কঃ সমগ্ৰ দেশ এতিয়া ৰামময়। ২২জানুৱাৰীত ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা সমাৰোহক লৈ এতিয়া দেশত উখল-মাখল পৰিৱেশ। ৰাম মন্দিৰক লৈ ইতিমধ্যে সামাজিক মাধ্যমত ভিন্ন ফটোৰ লগতে নানান নজনা কথাৰ ভিডিঅ শ্বেয়াৰ হৈ আছে। এনে সময়তে ছচিয়েল মিডিয়াত বতাহৰ বেগত ভাইৰেল হৈছে এখন নতুন ৫০০টকীয়া নোট।
এই ৫০০টকীয়া নোটখনত গান্ধীজীৰ পৰিৱৰ্তে ৰাম আৰু সংসদ ভৱনৰ ঠাইত ৰাম মন্দিৰৰ ফটো সন্নিৱিষ্ট হৈ আছে। এনে এক প্ৰচাৰো চলিছে যে, ২২জানুৱাৰীৰ পৰা দেশত প্ৰচলন হব নতুন এই ৫০০টকীয়া মোট। এই প্ৰচাৰ ইমানেই তীব্ৰতৰ হৈ উঠিল যে অৱশেষত ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰাও স্পষ্টীকৰণ দিব লগা হল।
ভাৰতীয় ৰিজাৰ্ভ বেংকে এই বিষয়ৰ সন্দৰ্ভত স্পষ্টীকৰণ দি কয় যে, এয়া এক অপ্ৰচাৰ। ভাৰত চৰকাৰ তথা আৰ বি আই এ এনে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। এয়া সম্পূৰ্ণৰূপে এটা মিছা খবৰ। এই খবৰৰ কোনো ভিত্তি আৰু সত্যত্যা নাই। উল্লেখ কৰা প্ৰয়োজন যে, ২০২৪ৰ ১৪জানুৱাৰীৰ পিছত টুইটাৰত শ্বেয়াৰ হৈছিল এই ফটোখন। তাৰ পিছৰে পৰাই আটাইকেইটা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এই ভুৱা ৫০০টকীয়া নোটৰ ফটোখন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ