নগৰবেৰাৰ টুপামাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত অগ্নিকাণ্ড সংঘটিত হোৱাৰ মাজতে চিকিৎসালয়লৈ অহা এগৰাকী গৰ্ভৱতী মহিলাই চিকিৎসালয়ৰ চৌহদতে ই-ৰিক্সাৰ ভিতৰত সন্তান প্ৰসৱ কৰে। একে সময়তে সংঘটিত হোৱা দুটা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। জানিব পৰা মতে, টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ প্ৰসৱ কক্ষত হঠাতে জুইৰ সূত্ৰপাত হয়। জুই দেখা পোৱাৰ লগে লগে চিকিৎসালয়খনত হুৱাদুৱা লাগে। একাংশ লোক আৰু স্থানীয় ৰাইজে ঘটনাটো প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰাৰ লগতে জুই নিৰ্বাপনৰ বাবে তৎপৰ হৈ পৰে।

পাছত স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। প্ৰাথমিকভাৱে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ ফলত চিকিৎসালয়খনত বৃহৎ পৰিমাণৰ ক্ষয়-ক্ষতি হোৱা নাই যদিও প্ৰসৱ কক্ষটোৰ চিলিং আৰু কিছু সম্পত্তি ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাটোৰ ফলত কিছু সময়ৰ বাবে চিকিৎসালয়খনত আতংকময় পৰিৱেশৰ সৃষ্টি হয়।
ইফালে, অগ্নিকাণ্ড সংঘটিত হৈ থকা সময়তে এগৰাকী গৰ্ভৱতী মহিলা চিকিৎসালয়খনলৈ আহিছিল। আইমনা খাতুন নামৰ মহিলাগৰাকীয়ে প্ৰসৱৰ বাবে স্বাস্থ্যকেন্দ্ৰটোলৈ অহাৰ সময়তে পৰিস্থিতি অধিক জটিল হৈ পৰে। জানিব পৰা মতে, চিকিৎসালয় চৌহদত উপস্থিত হৈ থকাৰ সময়তে মহিলাগৰাকীৰ প্ৰসৱ বেদনা আৰম্ভ হয়। অৱশেষত চিকিৎসালয়ৰ চৌহদতে এখন ই-ৰিক্সাৰ ভিতৰত মহিলাগৰাকীয়ে সন্তান প্ৰসৱ কৰে।
চিকিৎসালয়ত অগ্নিকাণ্ডৰ ঘটনা আৰু তাৰ মাজতে এগৰাকী মহিলাই ই-ৰিক্সাত সন্তান প্ৰসৱ কৰাৰ ঘটনাই টুপামাৰী অঞ্চলত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। ঘটনাটোক লৈ স্থানীয় লোকসকলৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ আৰু স্বাস্থ্যকেন্দ্ৰটোৰ ক্ষয়-ক্ষতি সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষই অধিক তথ্য প্ৰকাশ কৰাৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















