অসম লাইভ২৪ঃ একাধিক যৌনসংগীৰ কথা উত্থাপিত হ’লেই সকলোৰে টাৰ্গেট হৈ পৰে পুৰুষ। কিন্তু নেশ্বনেল ফেমিলি হেলথ ছাৰ্ভে’ ৰ ৰিপৰ্ট অনুসৰি ভাৰতৰ ১১খন ৰাজ্যৰ মহিলাই যৌনসংগী লোৱাৰ ক্ষেত্ৰত আগবাঢ়ি আছে। সংগীৰ সংখ্যাৰে মহিলা আগবাঢ়ি থাকিলেও যৌনসংগীৰ ক্ষেত্ৰত কিন্তু বৰ্তমানো পুৰুষেই আগবাঢ়ি আছে। পৰিসংখ্যাই কোৱা অনুসৰি মহিলাতকৈ ০.৫ শতাংশ এইক্ষেত্ৰত পুৰুষ আগবাঢ়ি আছে।
২০১৯ চনৰ পৰা ২০২১ চনলৈ দেশৰ ২৮ খন ৰাজ্যৰ ওপৰত চলোৱা সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য। ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাষিত অঞ্চলৰ ভিতৰত চলোৱা সমীক্ষামতে ১১খন ৰাজ্যৰ মহিলাৰ যৌনসংগী পুৰুষৰ তুলনাত বেছি। এই ১১ খন ৰাজ্যৰ শীৰ্ষত আছে ৰাজস্থান। ৰাজস্থানৰ মহিলাসকলৰ গড়ে ৩.১ শতাংশ পুৰুষসংগী আছে। পুৰুষৰ সংগীৰ সংখ্যা হৈছে গড়ে ১.৮ শতাংশ। দ্বিতীয় স্থানত আছে হাৰিয়ানা, তৃতীয় স্থানত আছে চণ্ডীগড়। তাৰ পাছতেই আছে জম্মু-কাশ্মীৰ, লাডাখ, মধ্যপ্ৰদেশ, অসম, কেৰালা, লাক্ষাদ্বীপ, পুডুচেৰী আৰু তামিলনাডু।
মহিলাৰ যৌনসংগীৰ ক্ষেত্ৰত অসম মূল একাদশৰ কিমান নম্বৰত আছে?
প্ৰথমেই আছে ৰাজস্থান, দ্বিতীয়তে হাৰিয়ানা, তৃতীয় স্থানত চণ্ডীগড়, চতুৰ্থ স্থানত জম্মু-কাশ্মীৰ, পঞ্চম স্থানত লাডাখ, ষষ্ঠ স্থানত আছে মধ্যপ্ৰদেশ, সপ্তম স্থানত আছে অসম, অষ্টম স্থানত আছে কেৰালা, নৱম স্থানত আছে লাক্ষাদ্বীপ, দশম স্থানত আছে পুডুচেৰী আৰু একাদশ স্থানত আছে তামিলনাডু।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ