অসম লাইভ২৪ঃ মানুহে আৰামদায়ক জীৱনযাপনৰ বাবে অৰ্থ উপাৰ্জনৰ উপায় বিচাৰে৷ যদিও ইঞ্জিনিয়াৰিং আৰু চিকিৎসক হোৱাটোকেই প্রধান পেছা হিচাপে বহুজনে বাচি লয়৷ চিকিৎসক, অভিযন্তাৰ ওপৰিও ভাল দৰমহাত আৰামদায়ক চাকৰি আছে বুলি বহুজনে নাজানে৷ ইংলেণ্ডৰ মানচেষ্টাৰ চহৰৰ বাসিন্দা আনিকো ৰোজৰ বৃত্তিয়ে চকু কঁপালত তুলিছে বহুজনৰ৷ তেওঁ এনে এক বৃত্তি বাচি লৈছে যি বৃত্তি আপোনাৰ মোৰ কল্পনাৰো অগোচৰ৷ খুব কম সময় কাম কৰিয়েই তেওঁ অৰ্জন কৰিছে কোটি কোটি ধন৷ আনিকো ৰোজৰ পেছা হৈছে আলিংগন কৰা৷ ব্যক্তিক আলিংগন কৰিয়েই তেওঁ উপাৰ্জন কৰি আহিছে কোটি কোটি ধন৷ বহুতৰে বাবে বিষয়টো অদ্ভুত যেন লাগিলেও এয়াই সত্য৷
সম্প্ৰতি এক প্ৰতিবেদনত প্ৰকাশ পোৱামতে আনিকোৰ প্ৰধান পেছাই হৈছে আলিংগন কৰা৷ ৪২ বছৰীয়া আনিকোয়ে বিগত তিনিবছৰ ধৰি এই কাম কৰি আহিছে৷ আনিকোৰ দাবী এজন ব্যক্তিক আলিংগন কৰিলে ব্যক্তিজনৰ মানসিক চাপ আৰু একাকীত্বৰ চাপ আঁতৰি যায়৷ অৰ্থাৎ ব্যক্তি একোজনে একাকীত্বৰ পৰা মুক্তি লাভ কৰে৷ স্পৰ্শই ব্যক্তি একোজনৰ মানসিক স্বাস্থ্য উন্নতি হোৱাত সহায় কৰে৷ আনিকো ৰোজৰ কাষত সেয়ে আলিংগনৰ বাবে ভিৰ কৰি থাকে শ শ লোকে৷ গ্ৰাহকৰ বিশাল লাইন প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱাৰ পাছত পোহৰলৈ আহে সমগ্ৰ তথ্য৷ দিনক দিনে তেওঁৰ কাষত বৃদ্ধি পাইছে গ্ৰাহকৰ ভিৰো৷ অৰ্থাৎ বিশ্বৰ সকলো প্ৰান্ততেই ব্যক্তিৰ মাজত একাকীত্বৰ পৰিমাণ বৃদ্ধি পাব ধৰিছে৷
আনিকো এই পেছাত প্ৰতি ঘণ্টা আলিংগনৰ বাবে গ্ৰাহকৰ ওচৰত বান্ধি দিছে বিশেষ দাম৷ এঘণ্টাৰ চাৰ্জ ৭৪০০ টকা৷ আনিকোয়ে দাবী কৰা অনুসৰি তেওঁৰ কাষলৈ অহা গ্ৰাহকৰ ভিতৰত ২০ বছৰীয়া যুৱক বা যুৱতীৰ পৰা ৬৫ বছৰীয়া বয়স্ক লোকো আছে৷ যদিওবা এই থেৰাপী চেছন কেৱল এঘণ্টাৰ বাবেই হয় কিন্তু কিছু লোকে এই থেৰাপী চেছন বঢ়াইয়ো লয়৷ সমগ্ৰ ঘটনাৰ সত্যাসত্য কিমান এই সম্পৰ্কে স্পষ্ট নহ’লেও আনিকো ৰোজ এতিয়া সামাজিক মাধ্যমত খুবেই ভাইৰেল৷ আনিকোৰ সফলতাই প্ৰমাণ কৰিছে যে বিশ্বত ভয়াৱহ ৰূপত একাকীত্বৰ সমস্যা বৃদ্ধি পাব ধৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ