• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্ব ফুটবলত আকৌ নক্ষত্ৰপতন! বিশ্বফুটবলত তেওঁ জাৰ্মানীক পৰিচিত কৰোৱাইছিল, সোমাই পৰিছিল বিতৰ্কতো, বিদায় ‘ডাৰ কাইজাৰ’ বেকেনবাউৱাৰ

বিশ্ব ফুটবলত আকৌ নক্ষত্ৰপতন! বিশ্বফুটবলত তেওঁ জাৰ্মানীক পৰিচিত কৰোৱাইছিল, সোমাই পৰিছিল বিতৰ্কতো, বিদায় ‘ডাৰ কাইজাৰ’ বেকেনবাউৱাৰ

3 years ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

24 minutes ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

1 hour ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

1 hour ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

2 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

3 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

3 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

4 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

6 hours ago
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

7 hours ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

9 hours ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিশ্ব ফুটবলত আকৌ নক্ষত্ৰপতন! বিশ্বফুটবলত তেওঁ জাৰ্মানীক পৰিচিত কৰোৱাইছিল, সোমাই পৰিছিল বিতৰ্কতো, বিদায় ‘ডাৰ কাইজাৰ’ বেকেনবাউৱাৰ

editor by editor
January 9, 2024
in ক্ৰীড়া, বিশ্ব
0
বিশ্ব ফুটবলত আকৌ নক্ষত্ৰপতন! বিশ্বফুটবলত তেওঁ জাৰ্মানীক পৰিচিত কৰোৱাইছিল, সোমাই পৰিছিল বিতৰ্কতো, বিদায় ‘ডাৰ কাইজাৰ’ বেকেনবাউৱাৰ
0
SHARES
135
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ব্ৰাজিল বুলিলেই পেলে। আৰ্জেণ্টিনা বুলিলেই ডিয়েগো মাৰাডোনা। নেদাৰলেণ্ড বুলিলেই জোহান ক্ৰুছেফ বুলি বিশ্বফুটবলত সুকীয়া পৰিচয়। কিন্তু বিগত কেইদশকমান আগলৈকে ইউৰোপীয় ফুটবল টীমসমূহত তেনে কোনো প্লেয়াৰ নাছিল। জাৰ্মানীৰো তেতিয়া গৰ্ববোধ কৰিব পৰাকৈ তেনে কোনো প্লেয়াৰ নাছিল। বিশ্ব ফুটবলত এটাৰ পাছত আনটো চমক দেখুৱালেও তেওঁলোকৰ মাজত কোনো নামজ্বলা খেলুৱৈ নাছিল। পৰিচয়হীনতাত ভোগা দলটোক নেতৃত্ব দিবলৈ তেতিয়াই উদয় হৈছিল আন এক সূৰ্য। তেঁৱেই ফ্ৰেঞ্চ বেকেনবাওয়াৰ। ওখ, ক্ষীণকায় সুদৰ্শন যুৱকৰ প্ৰেমত পৰিছিল সমগ্ৰ ফুটবল বিশ্ব। তেওঁৰ দৌৰ, গল দিয়াৰ ক্ষমতা সেই সময়ত ওলাই অহা কোনো এজন ইউৰোপীয় খেলুৱৈৰ মাজতেই নাছিল।

বেকনবাওয়াৰৰ খেল দেখিয়েই জাৰ্মানীয়ে খুব সোনকালেই বেকেনবাওৱাৰক জাতীয় দলত ঠাই দিয়ে। দললৈ নিয়েই তেওঁক দিয়া হয় বিশেষ নাম। বেকেনবাউৱাৰৰ নতুন নাম ডাৰ কাইজাৰ। অৰ্থাৎ ৰজা। জাৰ্মান ফুটবল দলৰ তেওঁ ৰজা। জাৰ্মানীৰেই নহয় বেকেনবাওৱা খুব কম সময়ৰ ভিতৰতেই বিশ্বৰ ১ নম্বৰ ফুটবলাৰলৈকে ৰূপান্তৰ হয়। জাৰ্মানীৰ মানুহে সেই সময়ত ভাৱিবলৈ বাধ্য হৈ পৰিছিল যে বেকেনবাউৱাৰ অবিহনে জাৰ্মানীৰ ফুটবল দলৰ অস্তিত্ব নাই। পেলে বা মাৰাডোনাক তেতিয়া স্থান নিদিয়া হৈ পৰিল জাৰ্মানীৰ লোকে। অৰ্থাৎ বেকেনবাউৱাৰ দৰে মাৰাডোনা, পেলে হ’বই নোৱাৰে। বেকেনহবাউৱাৰৰ ওপৰিও জাৰ্মানীৰ আন এজন প্লেয়াৰ আছিল গাৰ্ড মূলাৰ। কিন্তু জনপ্ৰিয়তাৰে তেওঁ বেকেনবাউৱাৰক টক্কৰ দিব পৰা নাছিল। ১৯৬৬ চনত ইংলেণ্ডে প্ৰথম আৰু একমাত্ৰ ফুটবল বিশ্বকাপ জয় কৰিছিল পশ্চিম জাৰ্মানীক পৰাস্ত কৰিব। সেই দলতেই আছিল বেকেনবাউৱাৰো। ইংলেণ্ডৰ হাতত হোৱা সেই পৰাজয়ে তৰুণ বেকেনবাউৱাৰৰ জেদ আৰু বঢ়াই তুলিলে। তাৰপিছতেই ১৯৭৪ চনত তেওঁৰ নেতৃত্বতেই বিশ্বকাপ জয় কৰিবলৈ সক্ষম হয় পশ্চিম জাৰ্মানীয়ে।

কেৱল ফুটবলাৰ হিচাপেই নহয়, কোচ হিচাপেও বিশ্বকাপ জয় কৰাৰ নজিৰ আছে বেকেনবাউৱাৰৰ। ১৯৯০ চনত মাৰাডোনাৰ আৰ্জেণ্টিনাক হৰুওৱা পশ্চিম জাৰ্মানী দলৰ কোচ আছিল বেকেনবাউৱাৰ। তেওঁ ফুটবল বিশ্বৰ এনে এজন ব্যক্তি যিয়ে ফুটবলাৰ আৰু কোচ দুই ভুমিকাতেই বিশ্বকাপ জয় কৰিছে। ফুটবল বিশ্বত বিশেষ নজিৰ গঢ়া তিনি ব্যক্তিৰ ভিতৰত এক নম্বৰত আছিল ব্ৰাজিলৰ মাৰিয়ো জাগালো। বিগত দুদিন পূৰ্বে মাৰিয়ো জাগালোয়ে চিৰবিদায় মাগিছে। ইয়াৰ পাছতেই সকলোকে শোকসাগৰত পেলাবলৈ আহিল আনটো খবৰ। এসময়ৰ ফুটবল ৰজা বেকেনবাউৱাৰ আৰু নাই। সেই সময়ত বিশেষ নজিৰ গঢ়া ফুটবলাৰৰ তিনি নম্বৰ জন খেলুৱৈ হৈছে ফ্ৰান্সৰ দিদিয়েৰ দেছ তেঁও ১৯৯৮ চনত ফুটবলাৰ হিচাপে আৰু ২০১৮ চনত কোচ হিচাপে বিশ্বকাপ জয় কৰিছে।

দ্বিতীয় বিশ্বযুদ্ধৰ পৰবৰ্তী সময়ত ১৯৪৫ চনৰ ১১ ছেপ্টেম্বৰত জন্ম হৈছিল বেকেনবাউৱাৰ। পিতৃ আছিল পিয়ন। দ্বিতীয় বিশ্বযুদ্ধৰ পাছতেই সেই চহৰ সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিছিল। সৰুৰে পৰাই দাৰিদ্ৰৰ সৈতে পৰিচিত আছিল বেকেনবাউৱাৰ। পিতৃয়ে তেওঁক সৰুৰে পৰাই ফুটবলাৰ হোৱাত বাধা দিছিল। কিন্তু বেকেনবাউৱাৰ নিজৰ চিন্তাত অটল। ৯ বছৰ বয়সতে তেওঁ এছ চি মিউনিখ ০৬ ক্লাবৰ তৰুণ দলত সুযোগ লাভ কৰে।

১৮৬০ মিউনিখ ক্লাবৰ সমৰ্থক আছিল বেকেনবাউৱাৰ। সেই ক্লাবৰ হৈ খেলাৰ সপোন দেখিছিল বেকেনবাউৱাৰে। ইচ্ছামতেই তেওঁ বিশেষ দলটোত খেলাৰ সুযোগো লাভ কৰে। কিন্তু খেলাৰ সুযোগ লাভ কৰাৰ পাছতেই এক বিতৰ্কত সোমাই পৰে তেওঁ। তেওঁৰ বান্ধৱী অন্তঃসত্ত্বা হৈ পৰে আৰু তেওঁ বিবাহ কৰাবলৈ মান্তি নহয়। ১৮ বছৰীয়া বেকেনবাউৱাৰক তেতিয়াই দলে বাহিৰ কৰি দিয়ে। তাৰপিছতেই ১৯৬৪ চনত বায়াৰ্ন মিউনিখত যোগ দিয়ে বেকেনবাউৱাৰে। ফুটবলাৰ হিচাপে বায়াৰ্নছৰ হৈ ৪০০ তকৈয়ো অধিক মেচ খেলিছে বেকেননবাউৱাৰে।

১৯৭৭ চনত বেকেনবাউৱাৰে আমেৰিকাৰ ফুটবল টীমত যোগ দিয়ে। নিউয়ৰ্ক কছমছৰ হৈ খেলাৰ বাবে তেওঁ স্বাক্ষৰ প্ৰদান কৰে। তিনি বছৰ ধৰি তেওঁ কছমছৰ হৈ খেলে। ভাল ফুটবলাৰ সকলৰ ভিতৰত খুব কম লোকেহে ভাল কোচ হয়। বেকেনবাউৱাৰ কিন্তু ব্যতিক্ৰম। ১৯৮৪ চনত তেওঁ পশ্চিম জাৰ্মানিৰ দায়িত্ব লয়। দুবছৰৰ পাছতেই সেই দল ফাইনেলত উঠে। সেইবাৰ কিন্তু আৰ্জেণ্টিনাৰ হাতত পৰাজিত হয় পশ্চিম জাৰ্মানী। ১৯৮৮ চনৰ ইউৰো কাপৰ ফাইনেলত ফাইনেলত নেদালেণ্ডচৰ হাততো পৰাজিত হয় দলটো। কোচ হিচাপে অৱশ্যে বেকেনবাউৱাৰৰ ওপৰতেই ভৰসা ৰাখিছিল জাৰ্মানীৰ দলটোৱে। সেই আস্তাৰ দাম ১৯৯০ চনত বেকেনবাউৱাৰে দিয়ে। আৰ্জেণ্টিনাক হৰুৱাই বিশ্বকাপ দখল কৰে পশ্চিম জাৰ্মানীয়ে। ১৯৯৮ চনত বায়াৰ্নছৰ প্ৰেচিডেণ্ট হয়। ক্লাবৰ খেলতো তেওঁ আমূল পৰিবৰ্তন আনে। তেওঁৰ নেতৃত্বতেই ক্লাব আগুৱাই যায়। পাছলৈ ২০০৯ চনত তেওঁ এই পদৰ পৰা ইস্তাফা দিয়ে। ২০০৬ চনত জাৰ্মানীৰ বিশ্বকাপ আয়োজনতো তেওঁৰ অন্যতম ভূমিকা আছিল। কিন্তু ২০১৪ চনত ফিফাই তেওঁক ৯০ দিনৰ বাবে নিৰ্বাসিত কৰে। এই নিৰ্বাসনৰ কাৰণ আছিল তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছিল।

২০১৯ চনত এখন সংবাদপত্ৰই প্ৰকাশ কৰিছিল যে বিশ্বকাপ আয়োজনত ৰাছিয়াৰ সপক্ষে ভোট দিয়াৰ বাবে এজন ব্যৱসায়ীৰ পৰা বিপুল পৰিমানৰ অৰ্থ লৈছিল বেকেনবাউৱাৰে। এই অভিযোগৰ পাছতেই বেকেনবাউৱাৰে ৰাজহুৱা জীৱন ত্যাগ কৰে। তেওঁৰ মৃত্যুত আকৌ এবাৰ জাৰ্মানসকলৰ লগতে বিশ্বই সোঁৱৰিছে ফুটবল ইতিহাসৰ সেই গৌৰৱোজ্জল অধ্যায়।

বিশ্ব ফুটবলে আকৌ এবাৰ এজন কিংবদন্তি খেলুৱৈক হেৰুৱাই পেলালে। জাৰ্মানীৰ বিশ্বকাপজয়ী ফুটবলাৰ বেকেনবাউৱাৰ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। সোমবাৰে তেওঁৰ মৃত্যুৰ খবৰ ৰাজহুৱা কৰে তেওঁৰ পৰিয়ালবৰ্গই। ৭৮ বছৰ বয়সত মৃত্যু হৈছে কিংবদন্তী খেলুৱৈগৰাকীৰ। বিৰল ৰোগত তেওঁ দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ অৱশেষত নিয়তিৰ ওচৰত হাৰ মানে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24best news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট
বিনোদন

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

September 18, 2026
পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী
জীৱনশৈলী

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

September 17, 2026
জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?
বিশ্ব

জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

September 17, 2026
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ
ভাৰত

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

September 16, 2026
Next Post
মাত্ৰাধিক ভিৰৰ আশংকা! অযোধ্যাত ৰামৰ মূৰ্তি দৰ্শন অনুষ্ঠান বাতিল কৰিলে ৰাম মন্দিৰ কৰ্তৃপক্ষই

মাত্ৰাধিক ভিৰৰ আশংকা! অযোধ্যাত ৰামৰ মূৰ্তি দৰ্শন অনুষ্ঠান বাতিল কৰিলে ৰাম মন্দিৰ কৰ্তৃপক্ষই

বিহুতেই পিঠা-পনাৰ জুঁতি লৈ মহাকাশৰ ৰসাল আড্ডা দিবলৈ অসমলৈ আহি আছে ISROৰ চেয়াৰমেন এছ সোমনাথ

বিহুতেই পিঠা-পনাৰ জুঁতি লৈ মহাকাশৰ ৰসাল আড্ডা দিবলৈ অসমলৈ আহি আছে ISROৰ চেয়াৰমেন এছ সোমনাথ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.