নিজৰ ঘৰতে চুৰি কৰি কৰি বিপদত যুৱক। যোৰহাটৰ চুৰিকাণ্ডৰ মাষ্টাৰমাইণ্ড য়শ আগৰৱালাক গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে বহু ঘটনা। আৰক্ষীৰ তদন্তত চুৰিকাণ্ডটোৰ আঁৰত য়শ আগৰৱালাৰ ভূমিকা থকাৰ তথ্য পোহৰলৈ অহা বুলি জানিব পৰা গৈছে। প্ৰেমিকাৰ বাবে নিজৰ ঘৰতে চুৰি কৰিছিল য়শে। য়শ আগৰৱালাৰ পিতৃৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছিল। প্ৰেমিকাক সুখী কৰিবলৈ বহু দামী-দামী উপহাৰ দিছিল। কেৱল সেয়াই নহয়, য়শে স্বীকাৰ কৰে যে ঘৰৰ পৰা লুটি নিয়া ধনেৰে বান্ধৱীক প্ৰদান কৰিছিল এই উপহাৰসমূহ। প্ৰায় ডেৰ লাখ টকীয়া আইফোন উপহাৰ দিছিল যুৱকজনে। সামাজিক মাধ্যমত ইয়াকে লৈ যথেষ্ঠ চৰ্চা চলিছে। বহুলোকে য়শৰ প্ৰেমিকাৰ ওপৰতো হাজাৰটা প্ৰশ্ন উত্থাপন কৰিছে।
অৱশেষত সামাজিক মাধ্যমত য়শৰ প্ৰেমিকাই মুখ খুলিলে। তেওঁ কয়, “তেওঁ মোক বিবাহৰ প্ৰস্তাৱ দিছিল। মাৰোৱাৰী সম্প্ৰদায়ৰ হ’লেও মই বিয়া হম বুলি ভাবিছিলো। তেখেতে মোক বহু ঠাইত ফুৰাব লৈ গৈছে। তেওঁ মোৰ সকলো দায়িত্ব ল’ম বুলি কৈছিলে। ময়ো ভালেই পাইছিলো…মই অলপ পাষ্ট লাইফৰ বাবে চিন্তাত আছিলো কিন্তু তেওঁ সকলো মানি লৈছিল।”
তেওঁ কয়, “নিজৰ বয়ফ্ৰেণ্ডক ব্লেকমেইলিং কৰি মানুহে বস্তু দিয়ে নেকি? তেওঁ মোক উপহাৰ দিছিল, মই শুধিম নেকি তুমি চুৰি কৰি আনিছা নে অন্য কিবা কৰি আনিছা। মই এদিনেই সুধিছিলো, তুমি ইমান টকা যে জমা কৰিছা ক’ত পাইছা? ইমান পইছা কিয় উৰাই আছা…তেতিয়া তেওঁ কৈছিল মোৰ ওচৰত তুমি পইছা নাই বুলি ভাবিছা নেকি?”
প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখলৈ আহি আৰু বহু বিস্ফোৰক মন্তব্য কৰে য়ছ আগৰৱালৰ প্ৰেমিকাই। তেওঁ কয়, ‘আপোনালোকে মোৰ সন্মান কিয় ইমান নষ্ট কৰি আছে? মই এতিয়া বহুত লাজ পাইছো। মা-দেউতাৰ আগত মই মুখ উলিয়াব পৰা নাই। মই মধ্যবিত্ত শ্ৰেণীৰ ছোৱালী সেইবাবে হয়তো সুবিধা পাইছে মানুহে কথা ক’বলৈ। মোৰ লগত কি হৈছে এতিয়া কবলৈ মোৰ মানুহ নাই। সোণৰ বস্তু চুৰি কৰাৰ বদনাম মোক দিব বুলি মই মই ভবা নাছিলো। তেওঁ মোৰ নামত কোনেও পইচা ইনভেষ্ট কৰা নাই। মোৰ সন্মান নষ্ট হৈ গৈছে। মোৰ দায়িত্ব য়ছ আগৰৱালেই ল’ব লাগিব।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















