মদ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷ কিন্তু আজিৰ জীৱন যাত্ৰাত অথবা উৎসৱ-পাৰ্বণত মদ্যপান এটা স্বাভাৱিক ঘটনা৷ কিন্তু মদ্যপানৰ সময়ত কেইটামান বস্তুৰ পৰা আঁতৰি থকাটো স্বাস্থ্যৰ পক্ষে ভাল৷ মদ্যপানৰ পাছত ভুলতো মিঠাই খাব নালাগে৷ চকলেট, ক’ক খোৱাটোও উচিত নহয়৷ ৰোল নাখাব৷ জলকীয়া অথবা মছলাজাতীয় খাদ্যও বৰ্জন কৰিব লাগে৷ কিয়নো এনে স্পাইচী খাদ্যসমূহে পেটৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷
একেদৰে পিজ্জা, চীজ, বিলাহী খালে হজমৰ সমস্যাই দেখা দিব পাৰে৷ একেদৰে মদ্যপানৰ পাৰ্টিৰ পৰা কাইটীয়া মাছৰ ভাজি দূৰৈত ৰখাটো ভাল৷ কাইটীয়া মাছে কেতিয়াবা ডিঙিত লাগি অনাহুত পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে৷৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ