অসম লাইভ ২৪ঃ কেৰালাত বৃদ্ধি পাইছে জিকা ভাইৰাছৰ সংক্ৰমণ। কোভিডৰ দ্বিতীয় ঢৌৰ সমান্তৰালকৈ জিকা ভাইৰাছৰ সংক্ৰমণৰ বাতৰিয়ে দুগুণে বৃদ্ধি কৰিছে আশংকা। কেৰালাৰ ১৯গৰাকীৰ লোকৰ নমুনা ইতিমধ্যে হায়দৰাবাদস্থিত ‘নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’লজি’লৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰে ১৩গৰাকী লোক জিকা ভাইৰাছত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। ম’হৰ পৰা সংক্ৰমণ হয় জিকা ভাইৰাছৰ। জিকা ভাইৰাছৰ লক্ষণসমূহ প্ৰায় ডেংগুৰ দৰেই হয়, যেনে- জ্বৰ, ছালৰ সমস্যা, গাঁঠিৰ বিষ আদি। এডিজ প্ৰজাতিৰ ম’হৰ পৰা সংক্ৰমণ হয় এই ভাইৰাছ। এই ভাইৰাছৰ প্ৰভাৱত Guillain-barre-syndrome হ’ব পাৰে। শেহতীয়াভাৱে ব্ৰাজিলৰ মানৌচস্থিত ফেডাৰেল ইউনিভাৰচিটি অৱ আমেজনাচৰ বায়’ল’জিষ্ট মাৰ্চেল’ গাৰ্ডোৰ মতে পৰৱৰ্তী সময়ত মহামাৰীৰ ৰূপ ল’ব পাৰে জিকা ভাইৰাছে। জিকা ভাইৰাছে সাধাৰণতে গৰ্ভৱতী মহিলাক প্ৰভাৱিত কৰে। গৰ্ভজাত সন্তানৰ ওপৰত প্ৰভাৱ পৰাৰ ফলত সন্তানৰ বিকাশত বিসংগতি হ’ব পাৰে। বৰ্তমানলৈকে জিকা ভাইৰাছ প্ৰতিৰোধী কোনোধৰণৰ প্ৰতিষেধক বা ঔষধ তৈয়াৰ হোৱা নাই। সমগ্ৰ বিশ্বৰ ঔষধ তৈয়াৰী কোম্পানীসমূহক এই ভাইৰাছ নিষ্ক্ৰিয় কৰিব পৰা প্ৰতিষেধক তৈয়াৰ কৰিবলৈ আহ্বান জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই। কিন্তু কোম্পানীসমূহৰ মতে এই প্ৰতিষেধক তৈয়াৰ কৰিবলৈ কমেও ১০ বছৰ সময়ৰ প্ৰয়োজন হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ