অসম লাইভ২৪ঃ আহি আছে শ্বাহৰুখৰ ‘পাঠান’৷ পাঠানৰ প্ৰচাৰ এতিয়া সকলোতে৷ পাঠান বয়কট ট্ৰেণ্ডৰ পাছতেই দেশজুৰি পাঠানৰ জোৱাৰ৷ ২৫ জানুৱাৰীত মুক্তিলাভ কৰিবলগা পাঠানক লৈ শেহতীয়াকৈ মুখ খুলিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গেও৷ জুবিনে পাঠান চাবলৈ আহ্বান জনাই নিজৰ আহিবলগা চিনেমাকৰ কথাও উল্লেখ কৰে৷
জুবিনে মন্তব্যত কয়, ‘এইবাৰ পাঠান ৰিলিজ কৰিব শ্বাহৰুখ খানে৷ ড০ বেজবৰুৱা-২ ৰিলিজ কৰিম মই৷ চাওঁ ৰাইজে কোনখন চিনেমা চায় আৰু ৰাইজে কাক ভাল পায়?’ছিপাঝাৰৰ দুমুনিচকীৰ পোহৰ নামৰ এন জি অ’ৰ উদ্যোগত বৰনৈ মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এক সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰি জুবিন গাৰ্গে কৰিছে মন্তব্য। সহস্ৰাধিক লোকৰ উপস্থিতিত গীত পৰিৱেশন কৰি ৰাইজক আন এক সিদ্ধান্ত ল’বলৈকো আহ্বান জনাই জুবিনে৷
পাঠান মুক্তি পাব ২৫ জানুৱাৰীত আৰু ‘ড০ বেজবৰুৱা ২’ মুক্তি পাব ৩ ফেব্ৰুৱাৰীত। অৱশ্যে অসমৰ ৰাইজে দুয়োখন ছবিক কেনেদৰে সহাৰি জনাব সেয়াহে সময়ৰ হাতত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















