• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

4 months ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

39 minutes ago
‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?

‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?

60 minutes ago
ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ

ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ

2 hours ago
আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!

আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!

2 hours ago
ভাৰতীয় কৰ্মচাৰীহে পছন্দ ডুবাইৰ বুৰ্জ খালিফাৰ মালিকৰ! ভাইৰেল অদ্ভুত মন্তব্য

ভাৰতীয় কৰ্মচাৰীহে পছন্দ ডুবাইৰ বুৰ্জ খালিফাৰ মালিকৰ! ভাইৰেল অদ্ভুত মন্তব্য

3 hours ago
বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

3 hours ago
বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

5 hours ago
দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

6 hours ago
পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

6 hours ago
ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, আপুনিও নকৰিব কামটো!

ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, আপুনিও নকৰিব কামটো!

7 hours ago
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

9 hours ago
গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

editor by editor
January 15, 2026
in জীৱনশৈলী
0
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
লেজাৰাছ আইলেণ্ডত কি কি ঘটিছিল প্ৰয়াত জুবিন গাৰ্গৰ সৈতে? কেনেকৈ এই অকাল মৃত্যু তথ্য বিচাৰি অসমৰ জনতা আজিও উদগ্ৰীৱ হৈ আছে৷ শেহতীয়াকৈ ১৪ জানুৱাৰীত ছিংগাপুৰৰ কৰনাৰছ আদালতে মৃত্যুৰ কাৰণ সম্পৰ্কে তথ্য দিছে৷ কৰণাৰ আদালতে তথ্য দিয়াৰ সময়তে সেই আদালত কক্ষত উপস্থিত হৈছিল জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ৷ কেনেকৈ কি তথ্য দিছে কৰনাৰছ আদালতে সেই বিষয়ক লৈ খুৰাক মনোজ বৰঠাকুৰে সামাজিক মাধ্যমত লিখিছে-
‘লেজাৰাচ আইলেণ্ডৰ ওচৰত সংঘটিত ৰহস্যাবৃত ঘটনাত গল্ডীৰ(জুবিন গাৰ্গ)ৰ অকাল বিয়োগ ঘটিল। অভূতপূৰ্ব খং, ক্ষোভ, হতাশা আৰু বুকুভৰা দুঃখৰ প্ৰৱল জোকাৰণিত বৰ অসমত পুণৰ এবাৰ বৰ ভূইকঁপ হ’ল । প্ৰাণস্পণ্দণৰ অসহনীয় এই মৃত্যুৰ প্ৰতিবাদত বা ইয়াৰ স্পষ্ট কাৰণ বিচাৰি অসমৰ উপৰি চিংগাপুৰতো আদালতত ভিন্নজনে আইনী অনুসন্ধানৰ বাবে আবেদন জনাইছিল । চিংগাপুৰ চৰকাৰেও জুবিনৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিলে সেই দেশৰ ক’ৰ’ণাৰ আদালতত। চিংগাপুচিংগাপুৰৰ আইন মন্ত্ৰালয়ৰ কৰ’ণা বিচাৰালয়( Coroner’s Court) এক বিশেষ সাংবিধানিক প্ৰৱধান‌।চিংগাপুৰ চৰকাৰৰ মুখ্য ন্যা্য়ালয়ৰ অধিনৰ এইখন দণ্ডাধিশৰ ন্যায়ালয়ে,(Magistrial Court) এনেবোৰ হঠাতে হোৱা মৃত্যুৰ সবিশেষ উলিয়াবলৈ চেষ্টা কৰে যিবোৰ মৃত্যু ৰহস্যঘন পৰিস্থিতিৰ মাজত হয়,বা যি মৃত্যৰ কাৰণবোৰ অস্পষ্ট হৈ থাকে বুলি পুলিচ বিভাগে ঘোষণা কৰে, কিন্তু মৃত্যুৰ কাৰণ উদ্ঘাটন কৰাটো আইনৰ দৃষ্টিত জৰুৰী বুলি বিবেচিত হয়। এই ক্ষেত্ৰত মেজিষ্ট্ৰেটক আৰক্ষী আৰু বিশেষ চিকিৎসা বিভাগৰ( পেথলজিকেল) দলে সহায় কৰে। চিংগাপুৰত বছৰি প্ৰায় ২৫০০০ কেছ এই আদালতলৈ আহে তাৰে ৭৪% কেছ পষ্ট মৰ্তেমৰ ৰিপোৰ্ট ৰ ভিত্তিত‌ কৰা হয় ।
বন্ধুবৰ্গৰ জনাওঁ যে এই কৰ’ণাৰছ কৌৰ্টেই সাগৰীয় পুলিচ বিভাগৰ সহায়ত জুবিনৰ মৃত্যুৰ ঘটনা টোৰ অনুসন্ধান কৰি আছে। গৰীমাৰ স্বাস্হ্যজনীত কাৰণত ইয়াত উপস্হিত হ’ব নোৱাৰাত পৰিয়ালৰ ফালৰ পৰা‌ মই উপস্হিত হৈছিলো কালি ১৪ জানুৱাৰীত। । মোৰ লগত চিংগাপুৰ ৰ আদালতত উপস্হিত আছিল ৰাহুল গৌতম শৰ্মা । গুৱাহাটী-কলিকতা_ভুৱনেশ্বৰ হৈ আহোঁতে ১৪ তাৰিখে পুৱা ৪ বজাত চিংগাপুৰৰ উচ্চ আদালতৰ সমিপৰ হেভলক মাৰ্গত থকা ফুৰাণা হোটেলত ৰুম লৈ ,অলপ জিৰণি লৈ ঠিক ৮-৩০ বজাত বিশাল আধুনিক কৰণাৰ আদালত কক্ষত উপস্থিত হৈছিলো। চিংগাপুৰত অনুভৱ কৰিলো সকলো সঠিক সময়ত সঠিক নিয়মত চলাচল কৰে।
ইয়ালৈ আহি আদালত খনৰ আইনী ব্যৱস্হাৰ লগত প্ৰথম পৰিচয় হলো,যদিও ইয়াৰ সবিশেষ একেদিনাই বুজিব পৰা নহয়। বিশেষ মন কৰিব লগীয়া যে এই সৰু দ্বীপ ৰাষ্ট্ৰখনৰ আইনৰ বা জনসাধাৰণৰ বাবে ন্যায় বিচাৰৰ এক সূকীয়া দায়িত্বপুৰ্ণ ব্যৱস্হা আছে, যিটো অন্য বহু ৰাষ্ট্ৰত বোধহয় নাই। অৱশ্যে চিংগাপুৰ ন্যায় ব্যৱস্থা বৃটিছ আৰু ভাৰতীয় ব্যৱস্হাৰ ভিত্তিতে গঢ় লোৱা।
এই কৰণাৰজ কৌৰ্টখনৰ প্ৰথম ন্যায়াধীশ আছিল এন্ড্ৰু ফাৰ্কোহাৰ ১৮২৭ চনত।
এইখন আদালতে কোন দোষী, কোন নিৰ্দোষী,বা কি শাস্তি পাব দোষীয়ে সেইবোৰ বিষয়ত একো বিধান নিদিয়ে মাত্ৰ মৃত্যু টো স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে পুংখানুপুংখ তদন্ত কৰি। আৰু সকলো পক্ষৰ উপষ্ঠিতিত তদন্ত বা গোচৰটো সমাপ্ত কৰিবলৈ চেষ্টা কৰে। সেই বোৰ বিষয় চিভিল বা ক্ৰিমিনেল গেচৰৰ বিচাৰ অৱশ্যে বেলেগে চলি থাকিব পাৰে য’ত সেই মৃত্যুৰ বাবে দায়ী বা দোষী পক্ষক সাংবিধানিক শাস্তি প্ৰদানৰ ব্যৱস্হা থাকে।যেনেকে অসমৰ দুলু আহমেদ ডাঙৰীয়াই তৰা কেছটোও সুকীয়াকে চলি আছে আৰু থাকিব।
আদালতত আমি উপষ্ঠিত হোৱাত ন্যায়াধীশ গৰাকীয়ে ধন্যবাদ প্ৰকাশ কৰিলে আৰু আমাৰ কিবা ক’ব লগীয়া আছে নিকি আগতীয়াকে জানিব বিছৰাত আমি লিখিতভাবে জনালোঁ যে আমি ঘটনাটোৰ প্ৰথম দিনৰ পৰা তৃতী‌য় দিনলৈকে এটা ক্ৰমানুক্ৰমিক বিবৰণ বিচাৰোঁ। আৰু চিংগাপুৰ চৰকাৰে তদন্তৰ বাবে সংগ্ৰহ কৰা তথ্যাদি আমালে প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাওঁ যাতে পৰিয়ালবৰ্গৰ লগতে অসমৰ মানুহখিনিয়ে কিনো হৈছিল ঘটনাটোত তাৰ এটা সম্যক ধাৰণা লাভ কৰক। আদালতৰ মহামান্য ন্যায়াধীশ গৰাকীয়ে জনায় যে তেনে ধৰণৰ তথ্যৰ আদান প্ৰদান গোচৰটো চলি থকাৰ সময়ত সম্ভৱ নহ’লেও পৰৱৰ্তী কালত সেইবোৰ বিষয় আলোচনা হ’ব। ন্যায়াধিশ গৰাকীয়ে বাৰে বাৰে জুবিনৰ মৃত্যুত পৰিয়ালবৰ্গৰ প্ৰতি গভীৰ সহানুভুতি প্ৰকাশ কৰে।
কালি এই কৰনাৰ আদালতত কেছটোৰ লগত প্ৰত্যক্ষ ভাবে জড়িত প্ৰধান তদন্তকাৰী বিষয়া লীম ইয়ং জিয়াং আগষ্ট, চিংগাপুৰ নিবাসী প্ৰবাসী অসমীয়া ৰূপকমল কলিতা, য়টখনৰ মূল পৰিচালক চু কং কিয়ং, পষ্ট মৰ্টৈম ৰিপোৰ্ট দিয়া পেথলজিষ্ট ডাঃ চু চিজং, য়ট খনৰ চালককে ধৰি পাঁচজন সাক্ষীৰ শুনানি লোৱা হয়।তাৰে দুজনে নিজৰ দোভাষী অধিবক্তাৰ সহায়ত আৰু তিনিজনে ইংৰাজী ত নিজৰ বক্তব্য ৰাখে আৰু চৰকাৰী অধিবক্তা ৰ প্ৰশ্নৰ উত্তৰ দিয়ে। দিনটোৰ পুৱা ৮-৩০ বজাৰ পৰা বিয়লি ৫ বজাত পৰ্যন্ত ধাৰাবাহিক ভাবে চলা এই বিচাৰ প্ৰক্ৰিয়া অতি ফটফটীয়া,নিৰপেক্ষ যেন অনুভৱ হয়। অহা ,২ আৰু ৩ ফেব্ৰুৱাৰীত বাকী সকলৰ সাক্ষী প্ৰদানৰ পিছতে বোধহয় ন্যায়াধীশ গৰাকীয়ে তেখেতৰ আদেশ ঘোষনা কৰিব। সাক্ষী প্ৰদান কৰিবলৈ এটিয়াও বাকী আছে অভিমন্যু তালুকদাৰ, প্ৰীতম শৰ্মা, তন্ময় ফুকন, ৱাছিল আলম আহমেদ, ভাস্কযৰজ্যোতি দাস, জিয়লান্সাৎ নাৰ্জাৰী,আৰু বহু কেইজন। সেয়ে সদ্যহতে এই বিচাৰ সম্পৰ্কে আগতীয়াকৈ মন্তৱ্য কৰাটো নিশ্চয় উচিৎ নহ’ব ।
লগতে গৰীমাৰ লগতে আমি পৰিয়ালটোৱে, আৰু শতসহস্ৰ জুবিন অনুৰাগীয়ে অসম চৰকাৰকো বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰি তুলিবলৈ পুনৰ অনুৰোধ জনাইছো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক
জীৱনশৈলী

কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

May 8, 2026
দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!
জীৱনশৈলী

দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

May 8, 2026
পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!
জীৱনশৈলী

পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

May 8, 2026
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?
জীৱনশৈলী

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

May 8, 2026
Next Post
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.