• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন… ধুমুহাৰ সৈতে খেলা কৰি উভতি নহাৰ বাটেৰে গুচি গ’ল হাৰ্টথ্ৰৱ জুবিন

ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন… ধুমুহাৰ সৈতে খেলা কৰি উভতি নহাৰ বাটেৰে গুচি গ’ল হাৰ্টথ্ৰৱ জুবিন

7 months ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

5 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

6 hours ago
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

6 hours ago
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

7 hours ago
বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

7 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

8 hours ago
পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

8 hours ago
PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

9 hours ago
২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

9 hours ago
লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

10 hours ago
মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

10 hours ago
কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন… ধুমুহাৰ সৈতে খেলা কৰি উভতি নহাৰ বাটেৰে গুচি গ’ল হাৰ্টথ্ৰৱ জুবিন

ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন... ধুমুহাৰ সৈতে খেলা কৰি উভতি নহাৰ বাটেৰে গুচি গ’ল হাৰ্টথ্ৰৱ জুবিন

editor by editor
September 19, 2025
in জীৱনশৈলী
0
ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন… ধুমুহাৰ সৈতে খেলা কৰি উভতি নহাৰ বাটেৰে গুচি গ’ল হাৰ্টথ্ৰৱ জুবিন
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘ইউকেলিপ্টাছ গছৰ দৰে ওখ হ’ব খোজো, মই চিৰদিন চিৰন্তন, আকাশ চুব খোজো…!’ আকাশ চুব খোজা শিল্পীজন গ’লগৈ৷ ৫১টা বসন্ত পাৰ হৈছিলহে মাত্ৰ৷ মাত্ৰ ৫২ বছৰতেই পৃথিৱীক চিৰবিদায় জনালে জুবিন গাৰ্গে৷ ১৯৯২ চনত তেঁও খোজ পেলাইছিল সংগীতৰ ক্ষেত্ৰখনত। অসমীয়া সংগীত জগতত জুবিন গার্গ নামৰ এনে এটা কণ্ঠৰ আৱির্ভাব হৈছিল। যি কণ্ঠই সলাই পেলাইছিল অসমীয়া সংগীতৰ ধাৰা,পৰিভাষা, সকলো ধাৰণা। জুবিন গাৰ্গ, প্ৰতিজন অসমীয়াৰেই বুকুত শিঁপাই থকা এক সুৰীয়া সত্ত্বা।

১. জুবিন গাৰ্গৰ জন্ম অসমত নহয়। ১৯৭২ চনৰ ১৮ নৱেম্বৰত জুবিন গাৰ্গৰ জন্ম হৈছিল মেঘালয়ৰ তুৰাত। জুবিন গাৰ্গৰ প্ৰকৃত উপাধি বৰঠাকুৰ যদিও তেওঁৰ নিজৰ নামৰ পিছত গোত্ৰ গাৰ্গ লিখে।

২. জুবিন গাৰ্গ নামটো নামাকৰণ কৰা হৈছিল দেশৰ প্ৰখ্যাত সংগীত শিল্পী জুবিন মেহতাৰ নামেৰে।

৩. কণ্ঠশিল্পী হোৱাতকৈ বাদ্যসংগত কৰাৰহে এদিন সপোন দেখিছিল জুবিন গাৰ্গে।

৪. ১৯৯২ চনত জুবিন গাৰ্গৰ প্ৰথম এলবাম অনামিকাই মুক্তিলাভ কৰিছিল। অসমৰ আকাশে বতাহে মুখৰিত হৈ পৰিল জুবিনৰ ‘অনামিকা’। বিয়পি পৰিল জুবিন নামৰ ক্ষীণকায় উন্মাদ ল’ৰাজনৰ কণ্ঠৰ যাদু। যি কণ্ঠই ক্ৰমান্বয়ে একঘেয়ামী হৈ পৰা অসমীয়া সংগীতৰ জগতখনৰপৰা পলায়ন কৰা অসমীয়া মানুহক পুনৰ বাধ্য কৰালে অসমীয়া গান শুনিবলৈ।

৫. অসমীয়া গীত শুনিবলৈ এটা সময়ত মানুহে প্ৰায় এৰি দিছিল। আৰু তেতিয়াই জিতুল সোণোৱালে সৃষ্টি কৰিছিল অসমীয়া সংগীতৰ এক নতুন ধাৰা। আৰু এই ধাৰাক অধিক মনোগ্ৰাহী কৰি তুলিলে জুবিন গাৰ্গে।

৬. মায়া মাথোঁ মায়া…জুবিনৰ কণ্ঠতেই আছে অনামী মায়া। যি মায়াৰে তেওঁ মুগ্ধ কৰিলে হাজাৰ হাজাৰ অসমীয়াৰ হৃদয়, যি মায়াই হৰণ কৰিলে ষোড়শী গাভৰুৰ প্ৰাণ। কি ডেকা কি বুঢ়া, জুবিনৰ মায়াত হেৰাই গ’ল সকলো।

৭. জুবিনৰ সন্মোহনে এনেদৰে শিপালে যে সেইসময়ৰ ইংৰাজী মাধ্যমৰ ল’ৰা ছোৱালীয়েও অসমীয়া ভাষাটো শিকিবলৈ চেষ্টা কৰিলে, জুবিনৰ গানৰ অর্থ বুজিবলৈকেহেনো তাহাঁতে ভাষাটো ভালদৰে আয়ত্ব কৰিব বিচাৰে!

৮. জনপ্ৰিয়তাৰ সকলো পাৰ ভাঙিছিল জুবিনে। জনপ্ৰিয়তাই এনে পর্যায় পালেগৈ যে দূর্ঘটনাত প্ৰাণ হেৰুৱা জুবিনৰ প্ৰিয় ভগ্নীৰ চিতাৰ জুইৰ ওচৰতো তেওঁৰ একাংশ অনুৰাগীয়ে অট’গ্ৰাফ বিচাৰি হেতা-ওপৰা লগোৱা হ’ল। এজন শিল্পী ইমানো জনপ্ৰিয় হ’ব পাৰেনে! আচৰিত লাগে ভাবিলে।

৯. ২০০৭ চনত জুবিন গাৰ্গে লাভ কৰিছিল ৰজত কমল বঁটা। খাঁছি চুটি ছবি ‘Echoes of silence’ত কৰা সংগীত পৰিচালনাৰ বাবে লাভ কৰিছিল এই সন্মানীয় বঁটা।

১০. তুমি মোৰ মাথো মোৰ জুবিন গাৰ্গে অভিনয় আৰু পৰিচালনা কৰা প্ৰথমখন অসমীয়া চিনেমা।

১১. ৫৬সংখ্যক ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অসমীয়া ছবি ‘মন যায়’ত জুবিন গাৰ্গে কৰা অনবদ্য অভিনয় আজিও অসমীয়া দৰ্শকৰ মনত সজীৱ হৈ আছে। জুবিন গাৰ্গে এতিয়ালৈ ৩৭খন ছবিত সংগীত পৰিচালনা কৰাৰ লগতে ২২খন ছবিত কৰিছে অভিনয়।

১২. কেৱল অসমীয়া ছবিয়েই নহয়, বেংগলী ছবি উদ্যোগতো জুবিন গাৰ্গ এটা অতি চিনাকী নাম।

১৩. ইফালে বলীউডতো সফল জুবিন গাৰ্গ। গেংষ্টাৰ ছবিৰ য়া-লী, ক্ৰীছ ছবিৰ ‘দিল টু হি বাতা’ আজিও সকলোৰে মুখে মুখে।

১৪. মুনীন বৰুৱাৰ হিয়া দিয়া নিয়া “ (২০০০) ছবিখনৰ যোগেদি সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা জুবিন গাৰ্গৰ সংগীতে অসমীয়া ছবিৰ বাণিজ্যিক দিশটোক বহুখিনি সহায় কৰিছিল৷

১৫. জুবিন গাৰ্গে বৰ্তমানলৈকে প্ৰায় চল্লিশখনৰো অধিক অসমীয়া ছবিত সংগীত পৰিচালনা কৰিছে৷

১৬. প্ৰতি খোজত জুবিনৰ ছাঁৰ দৰে লাগি ফুৰা মৰমৰ ভগ্নী জংকীৰ অকাল মৃত্যুত বোবা হৈ যোৱা মৃত্যুৰ এসপ্তাহৰ পিছত মাজৰাতি শ্মশানত গৈ উচুপি উঠা জুবিনক আজিও খেদি ফুৰে জংকীৰ স্মৃতিয়ে। তথাপি থমকি ৰোৱা নাই জুবিন।

১৭. জুবিন গাৰ্গৰ নিজস্ব সৃষ্টিৰাজিৰ এক সুকীয়া পৰিচয় আছে৷ বহুক্ষেত্ৰত গীতৰ কথা, সুৰ শুনিলেই বুজিবলৈ পাৰি যে গীতটো জুবিন গাৰ্গৰ নিজস্ব সৃষ্টি৷ গীতবোৰত বিশেষকৈ নিঃসংগতা, বিষন্নতা, প্ৰাপ্তি-অপ্ৰাপ্তিৰ অনুভৱবোৰক প্ৰতিফলিত কৰা দেখা যায়৷

১৮. জুবিন গাৰ্গ যিহেতু সকলো বাদ্যযন্ত্ৰতেই সিদ্ধহস্ত৷ যাৰ বাবে জুবিন গাৰ্গৰ নিজা সৃষ্টিত বাদ্যযন্ত্ৰৰ ব্যৱহাৰে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা দেখা যায়৷ তবলাত বিশাৰদ তথা সকলোধৰণৰ ‘percussion instrument’ ত সিদ্ধহস্ত জুবিন গাৰ্গৰ গানবোৰত বিশেষকৈ Rhythm sectionতো মন কৰিবলীয়া৷

১৯. জুবিন গাৰ্গৰ নিজস্ব সৃষ্টিবোৰত কথা-সুৰৰ উপৰিও গীতবোৰৰ ‘চাউণ্ড ডিজাইন’ আৰু সংগীত ব্যৱস্থাপনাৰ দিশবোৰো মন কৰিবলগীয়া৷ জুবিন গাৰ্গৰ গীতত সময়ৰ লগত প্ৰয়োজন হোৱাকৈ যিখিনি বাদ্যযন্ত্ৰৰ প্ৰয়োজন সেইখিনিহে ব্যৱহাৰ কৰা দেখা যায়৷

২০. জুবিন গাৰ্গৰ পিতৃৰ নাম- মহিনী মোহন বৰঠাকুৰ। মাতৃৰ নাম- ইলি বৰঠাকুৰ। ভগ্নীৰ নাম- জংকি বৰঠাকুৰ, পামী বৰঠাকুৰ।

২১. বঙালী চিনেমা শুধু তুমিৰ কাৰণে জুবিনে ২০০৫ চনত শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰিছিল।

২২. হিন্দীৰ য়া আলি গীতটোৰ বাবে জুবিনে ২০০৭ চনত গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা (পুৰুষ) লাভ কৰিছে।

২৩. জুবিন এক অনুষ্ঠান। অসমৰ এনে এটা হয়তো চুক নাই য’ত এই অনুষ্ঠানটোৰ প্ৰভাৱ নাই। কি কৰা নাই এই অনুষ্ঠানে। এইডছ ৰোগীৰ বাবে কাম কৰিছে, কেন্সাৰ ৰোগীৰ বাবে কাম কৰিছে, শিল্পীৰ সহায়ৰ বাবে শিল্পী ন্যাস মুকলি কৰিছে, কি বানপানী, কি গঁড় হত্যাৰ বিৰুদ্ধে সজাগতা, সকলোতে দৌৰি ফুৰিছে জুবিন।

২৪. আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাব ২০১৪ চনত জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হয়।

২৫. জুবিনৰ পৰিয়াল মূলতে শিৱসাগৰ জিলাৰ জাঁজীৰ। জুবিনৰ দেউতাক কৰ্মসূত্ৰে মেজিষ্ট্ৰেট আছিল।

২৬. জুবিনৰ পিতৃয়েও কপিল ঠাকুৰৰ ছদ্মনামত কবিতা আৰু গল্প লিখে। জুবিনৰ মাতৃ স্বৰ্গীয়া ইলি বৰঠাকুৰ এগৰাকী দক্ষ নৃত্যশিল্পী, অভিনেত্ৰী আৰু সুগায়িকা আছিল।

২৭. দুৰ্ভাগ্যজনকভাৱে ২০০২ চনত তেজপুৰত ঘটা এটা শোকাৱহ মটৰ দুৰ্ঘটনাত ভগ্নী জংকীৰ মৃত্যু হয়। ইয়াৰ পিছতে জুবিনে জংকিৰ স্মৃতিত শিশু নামৰ এটা এলবাম মুক্তি দিয়ে।

২৮. ২০০২ চনৰ ৪ ফেব্ৰুৱাৰীত জুবিন গাৰ্গ ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।

২৯. গুৰু ৰবীন বেনাৰ্জীৰ পৰা জুবিনে তবলা শিক্ষাৰে সংগীত শিক্ষা আৰম্ভ কৰিছিল। তাৰ পিছত গুৰু ৰমণী ৰায়ৰ ওচৰত অসমীয়া লোক সংগীত শিকি এই শিক্ষা অব্যাহত ৰাখিছিল।

৩০. জুবিনে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰিছিল। পাছত তেওঁলোকৰ পৰিয়ালে গুৱাহাটীলৈ স্থায়ীভাৱে থাকিবলৈ গুচি অহাৰ কাৰণে জুবিনেও যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বি.বৰুৱা কলেজলৈ বিদ্যায়তনিক ঠিকনা সলনি কৰিব লগা হৈছিল য’ত তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰীৰ শিক্ষা গ্ৰহণ কৰিছিল।

৩১. সংগীতৰ ক্ষেত্ৰখনৰ লগত সম্পূৰ্ণৰূপে নিজকে নিয়োজিত কৰিব লগা হোৱাত তেওঁ কলেজীয়া শিক্ষা সমাপ্ত কৰিব নোৱাৰিলে, জুবিনৰ স্নাতক শিক্ষা আধৰুৱা হৈ থাকিল।

৩২. ১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত পাশ্চাত্য একক পৰিৱেশনত স্বৰ্ণ পদক অৰ্জন কৰাটোৱেই আছিল জুবিনৰ জীৱনৰ টাৰ্ণিং পইণ্ট।

৩৩. ঢোল, দোতাৰা, মেণ্ডলিনৰ দৰে বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও জুবিন এজন কৃতী কী-বৰ্ড প্লেয়াৰ।

৩৪. নিজৰ নামতে প্ৰায় চল্লিশটাকৈ এলবামৰ উপৰিও ভালেকেইখন হিন্দীৰ লগতে বঙালী আৰু ২৪ খনতকৈ অধিক অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনাৰে জুবিনে সংগীত কেৰিয়াৰ অব্যাহত ৰাখিছে।

৩৫. বঙালী চিনেমা ‘শুধু তুমি’ৰ কাৰণে ২০০৫ চনত তেওঁ শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰিছে।

৩৬. যদিও জুবিনে নিজকে এজন সংগীতজ্ঞ বুলিহে গণ্য কৰে, তথাপিও এতিয়ালৈকে হিন্দী, তামিল, তেলুগু, পঞ্জাবী, ওড়িয়া, মাৰাঠী, নেপালী আদিকে ধৰি বিভিন্ন ভাষাত তেওঁ ৯,০০০-তকৈ অধিক গীত গাইছে।

৩৭. ফিজা, কাঁটে, মুড্ডা, ব্ৰাইডছ ৱাণ্টেড, গেংষ্টাৰ, প্যাৰ কে ছাইড ইফেক্ট ইত্যাদিৰ দৰে চলচ্চিত্ৰত হিন্দীত জুবিনৰ সংগীত আৰু কণ্ঠৰ কৰ্মৰাজিৰ নিদৰ্শন পোৱা যায়।

৩৮. ২০০০ চনত জুবিনে তেওঁৰ নিজা অসমীয়া চলচ্চিত্ৰ তুমি মোৰ মাথোঁ মোৰৰ কাহিনী লিখিছিল, পৰিচালনা আৰু অভিনয় কৰিছিল।৩৬. ২০০৫ চনত ৰাষ্ট্ৰীয় বঁটা পোৱা আন এখন অসমীয়া চলচ্চিত্ৰ দীনবন্ধুত জুবিনে অভিনয় কৰাৰ উপৰিও সহ-প্ৰযোজনা কৰিছিল আৰু সংগীতেৰে সজাইছিল।

৩৯. তেওঁ কণ্ঠদান কৰা অন্যান্য ছবিসমূহ হ’ল- গেংষ্টাৰ, গুড বয় বেড বয়, প্যাৰ কে চাইড এফেক্টছ, বিগ ব্ৰাদাৰ, হামাৰি অধুৰি কাহানী আদি।

৪০. জুবিন গাৰ্গ কেইবাবাৰো বিতৰ্কৰ মাজত সোমাই পৰিছে। গান গাই থকা অৱস্থাত জখলা বগোৱাকে ধৰি মঞ্চত কৰা কেতবোৰ কাণ্ডৰ বাবে বাবে তেওঁক কেইবাবাৰো সমালোচনা কৰা হৈছে।

৪১. ২০১১ চনৰ ৯ নৱেম্বৰত গুৱাহাটীৰ জালুকবাৰীত অৱস্থিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত ড॰ ভূপেন হাজৰিকালৈ অন্তিম শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হৈছিল।সেই অনুষ্ঠানটোত এটা হালধীয়া বৰণৰ গেঞ্জী, মূৰত এখন কাপোৰ ইত্যাদি ৰূপেৰে জুবিনে দেখা দিছিল। জুবিনৰ সেই পোছাকযোৰক লৈ সমগ্ৰ অসমজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল।

৪২. ২০১৩ চনত নিষিদ্ধ ঘোষিত সংগঠন আলফাই অসমৰ গায়কসকলক বিহু মঞ্চত হিন্দী গীত পৰিৱেশন নকৰিবলৈ আদেশ কৰে। কিন্তু এই আদেশ অমান্য কৰি জুবিন গাৰ্গে লতাশিল বিহু মঞ্চত তেওঁৰ জনপ্ৰিয় হিন্দী গান “য়া আলী” পৰিবেশন কৰে।

৪৩.. জুবিনে কণ্ঠদান কৰা কেছেট,চিডি ৰ সংখ্যা: প্ৰায় ২৫০০। কণ্ঠদান কৰা গীত: প্ৰায় ১৮ হাজাৰ।

৪৪. জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা অসমীয়া ছবি কেইখন: হিয়া দিয়া নিয়া,তুমি মোৰ মাথো মোৰ,দাগ,নায়ক,প্ৰেম আৰু প্ৰেম,কন্যাদান,জীৱন নদীৰ দুটি পাৰ,জোনাকী মন,বিধাতা,প্ৰিয়া মিলন,অগ্নিসাক্ষী,জুমন সুমন,বাৰুদ,অধিনায়ক,আমি অসমীয়া,দীনবন্ধু,ৰং,মন যায়,ৰ’দৰ চিঠি,গানে কি আনে,মিছন চাইনা,প্ৰিয়াৰ প্ৰিয়,দা আণ্ডাৰৱৰ্ল্ড…

৪৫. জুবিন গাৰ্গে ১৯৯৭চনত গোৱা কেইটামান গান- নক’বা নক’বা মোক, কঁকাল খামুচীয়া, শব্দ, কোনোবাই ৰিঙিয়াই, এতিয়া জোনাকে

৪৬. জুবিন গাৰ্গে ২০০১চনত গোৱা কেইটামান গান- মায়াৱিনী ৰাতিৰ বুকুত, দাগ মোৰ বুকুতে, লাহে লাহে, নায়ক হ’ব খুজি

৪৭. অসমীয়া, হিন্দী ভাষা, বঙালী, বড়ো, কোচ-ৰাজবংশী, কমতাপুৰী, গোৱালপাৰীয়া, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই-আহোম, নেপালী, ভোজপুৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী, ককবৰক, ওড়িয়া, তামিল, তেলুগু, কন্নড়, ইংৰাজী, আদি, গালো, মালয়ালম, মাৰাঠী আদি বিভিন্ন ভাষাত তেখেতে কণ্ঠদান কৰিছে।

৪৮. অসমৰ সমানেই বাংলাদেশ, ঢাকাতো জনপ্ৰিয় জুবিন গাৰ্গ।

৪৯. মঞ্চত গীত পৰিৱেশন কৰাৰ বাবে ৮-১০লাখ টকা লয় জুবিন গাৰ্গে।

৫০. জুবিনৰ ফেচবুক একাউন্টত আছে ১২ লাখৰো অধিক অনুৰাগী। কিন্তু জুবিনে অনুসৰণ কৰে মাত্ৰ ২৪গৰাকী ব্যক্তিক। এই ২৪ ব্যক্তিৰ ভিতৰত পোনতেই আছে তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গ।

৫১. জুবিনৰ সাহসতেই বহুতো নবীন শিল্পীয়ে মুম্বাইৰ সংগীতৰ পথাৰত সৱল খোজ দিছে। জুবিন যেন এজোপা বিশাল বটবৃক্ষ।যাৰ ছাঁত যেন জীৰায় সকলোৱে।

৫২. মাত্ৰ ৫২ বছৰ বয়সতে জীৱন নাট সামৰি ছিংগাপুৰত স্তব্ধ হৈ গ’ল অসমৰ সেই সুৰীয়া যাত্ৰা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?
অসম

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

April 16, 2026
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?
জীৱনশৈলী

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

April 16, 2026
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়
জীৱনশৈলী

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

April 16, 2026
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?
জীৱনশৈলী

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

April 16, 2026
Next Post
মাত্ৰ ৫২ বছৰতেই সামৰিলে জীৱন নাট, অসমলৈ লৈ অহা হ’ব হাৰ্টথ্ৰৱৰ নশ্বৰ দেহ

মাত্ৰ ৫২ বছৰতেই সামৰিলে জীৱন নাট, অসমলৈ লৈ অহা হ’ব হাৰ্টথ্ৰৱৰ নশ্বৰ দেহ

ছিংগাপুৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কেতিয়া অসমলৈ অনা হ’ল হাৰ্টথ্ৰৱৰ নশ্বৰ দেহ?

ছিংগাপুৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কেতিয়া অসমলৈ অনা হ’ল হাৰ্টথ্ৰৱৰ নশ্বৰ দেহ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.