• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি আছে ‘চিকাৰ’ত? কিয় চলিব ‘চিকাৰ’?

কি আছে ‘চিকাৰ’ত? কিয় চলিব ‘চিকাৰ’?

1 year ago
৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

2 hours ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

3 hours ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

4 hours ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

1 day ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

1 day ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

1 day ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

1 day ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

1 day ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

1 day ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

1 day ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কি আছে ‘চিকাৰ’ত? কিয় চলিব ‘চিকাৰ’?

কি আছে ‘চিকাৰ’ত? কিয় চলিব ‘চিকাৰ’?

editor by editor
September 20, 2024
in অসম, চিনেমা, লেখা
0
কি আছে ‘চিকাৰ’ত? কিয় চলিব ‘চিকাৰ’?
0
SHARES
984
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সদ্য মুক্তিপ্ৰাপ্ত বহুল চৰ্চিত ছবি ‘চিকাৰ’৷ বিগ ফিল্মছ মিডিয়া আৰু বিগ ক্ৰিয়েটিভ ষ্টুডিঅ’ এল এল পি (ইণ্ডিয়া)ৰ বেনাৰত ছবিখনৰ প্ৰযোজনা কৰিছে ছেম ভট্টাচাৰ্য আৰু মিত্ৰা ভট্টাচাৰ্যই৷ ৭০ শতাংশতকৈও অধিক লণ্ডনৰ মনোমোহা লোকেচনত দৃশ্যগ্ৰহণ হোৱা ছবিখনৰ বিষয়ে যদি আমি চিনেমেটিক লেংগুৱেজত কওঁ— ‘চিকাৰ’ত আছে চিনেমা চলাৰ তিনিটা মূল উপাদান৷ বিনোদন, বিনোদন, বিনোদন৷

ষ্ট’ৰী লাইনআপত ছাব-প্লটবোৰ বৰ সুন্দৰকৈ আনিছে পৰিচালকগৰাকীয়ে৷ এখন বিনোদনধৰ্মী ছবিত থকা ৰোমান্স, একচন, কমেডী আদিবোৰ অলংকাৰে ‘চিকাৰ’ ছবিখনক উপভোগ্য কৰি তুলিছে৷ অসমৰ চাহ বাগানৰ পটভূমি অতি সৰল জীৱনধাৰা আৰু দিন মজুৰি কৰা শ্ৰমিকৰ জীৱন সংগ্ৰাম৷ আনহাতে, লণ্ডনত কস্ম’ পলিটান অথবা পাশ্চাত্য জীৱনশৈলীক অতি সুন্দৰকৈ উপস্থাপন কৰিছে পৰিচালকগৰাকীয়ে৷ কাহিনীৰ সংলাপ পৰিচালকগৰাকীয়ে নিজেই ৰচনা কৰিছে আৰু এইক্ষেত্ৰত নৱগত পৰিচালক হিচাপে দেৱাংকৰ বৰগোহাঁই সফল হৈছে৷ কিন্তু, ছবিখনৰ মধ্যভাগৰ কিছু অংশ সম্পাদনাৰ ক্ষেত্ৰত পৰিচালকে মনোনিৱেশ কৰা হ’লে ষ্ট’ৰী টেলিং আৰু অলপ টাইড হ’লহেঁতেন৷ অৱশ্যে, এই দৃশ্যসমূহ অতি মনোমোহা৷ সাধাৰণতে কমাৰ্চিয়েল ফৰ্মূলা মাৰ্কাৰ ছবি নিৰ্মাণ নকৰি সোঁতৰ বিপৰীতে বলিষ্ঠ অভিনয়, অপূৰ্ব সংগীত সংযোজনা আৰু উন্নতমানৰ কাৰিকৰী নিৰ্দেশনাৰে ছবিখন আগবঢ়াই লৈ যোৱাত পৰিচালক সফল হৈছে৷

ছবিগৃহলৈ ৰাইজক আকৰ্ষণ কৰিব পৰাকৈ ছবিখনৰ চৰিত্ৰ নিৰ্মাণ আৰু অভিনয় এক শক্তিশালী দিশ৷ ছবিখনত জুবিন গাৰ্গ, আদিল হুছেইন, ঊৰ্মিলা মহন্ত, সিদ্ধাৰ্থ শৰ্মা, আন্তৰীক্ষ চহৰীয়া আৰু নৱাগত অভিনেত্ৰী ধ্যানী মহনৰ উপৰি আছে বিদেশী অভিনেতা-অভিনেত্ৰী৷

ছবিখনৰ মূল চৰিত্ৰ শংকৰ আৰু শংকৰৰ নাম ভূমিকাত আছে অসমৰ জনপ্ৰিয় সংগীত শিল্পী তথা অভিনেতা জুবিন গাৰ্গ৷ জুবিন গাৰ্গৰ মননশীল অভিনয় আমি দেখা পাইছো ‘মন যায়’, ‘দীনবন্ধু’, ‘সাত নম্বৰৰ সন্ধানত’, ‘ৰ’দৰ চিঠি’ ইত্যাদি ছবিত৷ আনহাতে, বিনোদনধৰ্মী চিনেমা ‘গানে কি আনে’, ‘প্ৰিয়াৰ প্ৰিয়’ ‘কাঞ্চনজংঘা’, ‘ডক্তৰ বেজবৰুৱা-২’ত জুবিন গাৰ্গৰ সুন্দৰ অভিনয় আমি উপভোগ কৰিছো৷  অভিনেতা হিচাপে জুবিন গাৰ্গ ইতিমধ্যে সফল৷ তেখেতৰ আছে বাণিজ্যিক সফল ছবি৷

‘চিকাৰ’ৰ আন এক শক্তিশালী সমল হ’ল প্ৰাণ গোস্বামীৰ চৰিত্ৰত অভিনয় কৰা আদিল হুছেইন৷ বলীউড, হলীউডৰ বিভিন্ন বাণিজ্যিক সফল চিনেমাত অনবদ্য অভিনয়েৰে দৰ্শকৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা আন্তঃৰাষ্ট্ৰীয় অভিনেতা অসম সন্তান আদিল হুছেইন৷ তেখেতৰ অনন্য অভিনয়ে ‘চিকাৰ’ক বিশেষ মাত্ৰা প্ৰদান কৰিছে৷

চলচ্চিত্ৰপ্ৰেমীসকলে দুখৰ মাজতো সুখ বিচাৰি ছবি এখন উপভোগ কৰোঁতে পৰিচালকগৰাকীয়ে হয়তো এই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই সংযোজন কৰিছিল আন এক বলিষ্ঠ চৰিত্ৰ ‘ৰাহুল’৷ ৰহুলৰ চৰিত্ৰত অভিনয় কৰিছে অসমৰ নৱপ্ৰজন্মৰ আন এক জনপ্ৰিয় অভিনেতা যাক আমি অসমবাসীয়ে কে কে নামেৰে জানো৷ কে কে অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাই কৰুণ-হাস্যৰসৰ ভাৰসাম্য ৰক্ষা কৰি অতি সাৱলীল অভিনয় কৰিছে ‘চিকাৰ’ত৷

জুবিন গাৰ্গ অৰ্থাৎ শংকৰে ডিব্ৰুগড়ৰ বাগানখনৰ পৰা লণ্ডনলৈ চিকাৰ কৰিবলৈ যাওঁতে লণ্ডনত লগ পোৱা অৰ্লিন নামৰ চৰিত্ৰটোত অভিনয় কৰিছে অসম তথা বলীউডৰ প্ৰতিষ্ঠিত অভিনেত্ৰী ঊৰ্মিলা মহন্তই৷ অতি উন্নত খাপৰ অভিনয়ে ঊৰ্মিলাই দৰ্শকৰ মনত সাঁচ বহুৱাই যাব বুলি ন দি ক’ব পাৰি৷ ‘বিভান বৰুৱা’ৰ চৰিত্ৰত অন্তৰীক্ষ চহৰীয়া আৰু নৱাগত অভিনেত্ৰী ধ্যানী মহনে অতি সুন্দৰ অভিনয় কৰিছে৷ ধ্যানীৰ মুখত বাগানীয়া সংলাপ আৰু অন্তৰীক্ষৰ মুখত ইংৰাজীৰ সংলাপসমূহে জীৱন্ত ৰূপ পাইছে৷

কাহিনী আৰু লোকেচন ছবিখনৰ আন এক সৱল সমল৷ কাহিনীভাগ অসমৰ ডিব্ৰুগড় জিলাৰ এখন চাহ বাগিচাৰ পৰা আৰম্ভ হৈ সমাপ্ত হৈছে লণ্ডনত৷ কাহিনী-চিত্ৰনাট্যই ডিমাণ্ড কৰা অনুসৰি অসমৰ চাহ বাগিচা আৰু লণ্ডনৰ বিভিন্ন মনোমোহা লোকেচনত দৃশ্যগ্ৰহণ হৈছে ‘চিকাৰ’ৰ৷ কাহিনী-চিত্ৰনাট্য ৰচনা কৰোঁতে পৰিচালকগৰাকীয়ে ষ্ট্ৰ’ৰী টেলিঙৰ বাবে এটা ষ্ট্ৰং পইণ্ট লৈছিল আৰু এই ষ্ট্ৰং পইণ্টটো হৈছে অসম আৰু লণ্ডনৰ কানেকচনটো৷ এটা আন্তঃৰাষ্ট্ৰীয় অপৰাধী চক্ৰৰ কাম-কাজৰ বাবে বাগানৰ এজন সহজ-সৰল যুৱক শংকৰৰ জীৱন কেনেকৈ সলনি হৈ গ’ল? কেনেকৈ শংকৰৰ প্ৰেমিকা অষ্টমী (ধ্যানী মহনে অভিনয় কৰা নায়িকাৰ চৰিত্ৰটি) বাগানৰ পৰা হঠাৎ নাইকিয়া হৈ গ’ল, বাগানৰ মেনেজাৰজন কেনেকৈ এই অপৰাধ চক্ৰৰে সোমাই পৰিল? শংকৰে কিয় প্ৰতিশোধ ল’বলৈ চিকাৰী হৈ লণ্ডন পালেগৈ? এই সকলোবোৰ কথাৰে এটি সুন্দৰ ষ্ট’ৰী লাইনআপ সৃষ্টি কৰিছে পৰিচালক দেবাংগ বৰগোহাঁয়ে৷ ৭০ শতাংশ লণ্ডনত দৃশ্যগ্ৰহণ কৰা ছবিখনৰ দৃশ্যসমূহ অতি মনোগ্ৰাহী হৈছে৷

ছবিখনৰ সংগীত-আৱহ সংগীত আৰু কাৰিকৰী নিৰ্দেশনা অতি উন্নত খাপৰ৷ জুবিন গাৰ্গৰ কণ্ঠসমৃদ্ধ ‘চিকাৰ’ত ‘সাতোৰঙী ভাল পোৱা’ গীতটি অতি শ্ৰুতিমধুৰ হৈছে৷ চাহ জনগোষ্ঠীৰ হিয়াৰ আমঠু ঝুমুৰক অতি সুন্দৰকৈ উপস্থাপন কৰিছে ছবিখনত৷ পৰাণ বৰকটকীয়ে আৱহ সংগীতেৰে ছবিখনলৈ বিশেষ অৰিহণা আগবঢ়াইছে৷ আনহাতে, পৰিচালক নিজেই এজন প্ৰতিষ্ঠিত সম্পাদক হোৱাৰ বাবে কাৰিকৰী দিশ অতি উন্নত মানৰ হৈছে৷ হাই স্পীড কাৰ ড্ৰাইভিং একচন ইত্যাদিৰ ক্ষেত্ৰত থাকিবলগীয়া যথোপযুক্ত সমল সকলোখিনি আছে ‘চিকাৰ’ত৷ ভিএফএক্স অতি উন্নতমানৰ হৈছে আৰু ইয়াত সোণত সুৱাগ চৰাইছে ছাউণ্ড ডিজাইনিঙে৷

চলচ্চিত্ৰ ৰসিকৰ দৃষ্টিৰে ‘চিকাৰ’ উন্নতমানৰ বাণিজ্যিক ছবি৷ কিন্তু, ছবিখনৰ মধ্যম ভাগৰ কিছু অংশ ফাষ্ট কাটত পৰিচালকে আগবঢ়াই লৈ যাব পাৰিলেহেঁতেন৷ আনহাতে, অসমীয়া ছবিত অত্যধিক ইংৰাজী ভাষাৰ ব্যৱহাৰে এক নতুন মাত্ৰা প্ৰদান কৰিছে যদিও ই বিয়োগাত্মক হিচাপে পৰিগণিত নহ’লে পৰিচালক সফল হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

February 6, 2026
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ
জীৱনশৈলী

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

February 5, 2026
Next Post
কিৰণ ৰাওৱে লিখিছে, ‘সপোন পূৰণ’! অস্কাৰৰ বাবে নিৰ্বাচিত হ’ব নেকি ‘লাপাতা লেডিজ’?

কিৰণ ৰাওৱে লিখিছে, ‘সপোন পূৰণ’! অস্কাৰৰ বাবে নিৰ্বাচিত হ’ব নেকি ‘লাপাতা লেডিজ’?

পুজাৰ পূৰ্বেই স্থান সলাব শনিয়ে, গ্ৰহৰাজৰ গোচৰত বিপদত পৰিব এই ৬ৰাশি

পুজাৰ পূৰ্বেই স্থান সলাব শনিয়ে, গ্ৰহৰাজৰ গোচৰত বিপদত পৰিব এই ৬ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.