অসম লাইভ২৪ঃ
বটদ্ৰৱাৰ উচ্ছেদিত ভূমিত পুনৰ উচ্ছেদ প্ৰশাসনৰ।
বটদ্ৰৱাত উচ্ছেদিত ভূমিত পুনৰ বেদখলকাৰীয়ে নিশাটোৰ ভিতৰতে সাজিছে বাসগৃহ।
কেমেৰাত বন্দী হৈছে বেদখলকাৰীয়ে ঘৰ সজাৰ দৃশ্য।
বটদ্ৰৱাৰ ধনীয়াভেটি লালুং গাঁৱৰ উচ্ছেদিত ভূমিত পুনৰ বেদখলকাৰীয়ে নিৰ্মাণ কৰিছে বাসগৃহ।
চৰকাৰে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ পিছতো বটদ্ৰৱাৰ উচ্ছেদিত ভূমিত পুনৰ বেদখলকাৰীয়ে আৰম্ভ কৰিছে ভূমি বেদখল।
প্ৰশাসনে বুলডোজাৰ লগাই ভাঙি পেলোৱা গৃহভূমিকেই পুনৰ নিশাটোৰ ভিতৰতে শাৰী শাৰীকৈ তম্বু তৰি পুনৰ ভূমি বেদখল কৰিবলৈ আৰম্ভ কৰিছে বেদখলকাৰীয়ে।
বেদখলকৃত ভূমিত শিৱিৰ তৈয়াৰ কৰাৰ লগতে পুখুৰীসমূহৰ পাৰ পুনৰ নিৰ্মাণ কৰি আৰম্ভ কৰিছে মৎস্য পালন।
৩০টাকৈ পৰিয়ালে এতিয়াও নিজৰ নিজৰ দখলত ৰাখিছে ভূমি।
বেদখলকাৰীৰ স্পষ্ঠ মন্তব্য, ‘আমি সমবায় মাটিত আছো আৰু আমি এই উচ্ছেদিত ভূমিত পুনৰ ঘৰ বনাইছো।’
২০২২ বৰ্ষৰ ১৯ ডিচেম্বৰ তাৰিখে নগাওঁ জিলা প্ৰশাসনে বটদ্ৰৱাত চলাইছিল এক বৃহৎ উচ্ছেদ অভিযান।
উচ্ছেদ অভিযানত বটদ্ৰৱাৰ চাৰিটাকৈ স্থানত মুঠ ৯৮৫ বিঘা চৰকাৰী ভূমি বেদখল মুক্ত কৰিছিল।
দেওবাৰে উক্ত স্থানত ৰাজহ চক্ৰ বিষয়াৰ লগতে প্ৰশাসনৰ লোক উপস্থিত হৈ পুনৰ তম্বু সমূহ ভাঙি উচ্ছেদ চলায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ