অসম লাইভ২৪ঃ অসমৰ এটা ভাইৰেল নাম বুলিলেই পোনচাটেই সকলোৰে মনলৈ আহে কৰিশ্মা নাথৰ নাম৷ কোন কৰিশ্মা নাথ সেই কথাও পৃথককৈ বুজাই কোৱাৰ প্ৰয়োজনীয়তা নাথাকে৷ নাগাৰা নামৰেই সকলোৰে মাজত পৰিচিত শিল্পী হৈ পৰিছে কৰিশ্মা৷ কৰিশ্মাক লৈ একাংশই দুৰ্ঘোৰ আপত্তি কৰি থকাৰ মাজতেই সামাজিক মাধ্যমত কৰিশ্মাই দিছে বিশেষ পোষ্ট৷
কৰিশ্মালৈ কোনো শুভাকাঙ্খীয়ে পঠিয়াইছে বিশেষ উপহাৰ৷ উপহাৰৰ মাজত আছে এখন বিশেষ পত্ৰও৷ কৰিশ্মালৈ কোনে পঠিয়াইছে এই উপহাৰ৷ সেই কথা সামাজিক মাধ্যমত নিজেই প্ৰকাশ কৰিছে কৰিশ্মাই৷ কৰিশ্মাই লিখিছে, ‘আমাৰ নাম চাই ভাল পাই খুড়া এজনে মোলৈ ১৫০০ টকা আৰু এখন চিঠি লিখি ডাকযোগে পঠিয়াইছে৷ খুড়া জন ভাৰতীয় ষ্টেট বেংকৰ এজন অৱসৰ পোৱা cash officer, ইমান মৰম আৰু আৰ্শীবাদ পাইছো অসমবাসীৰ ইয়াতকে সুখ নালাগে আৰু আজি আমাৰ হৰিৰ নামৰ অনুষ্ঠান বালিপোতা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ