অসম লাইভ২৪ঃ
অসমত উপস্থিত হৈয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি কেইবাটাও মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰীৰ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুদিন ধৰি দিয়া ধমকৰ প্ৰত্তুত্ত্যৰ দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ৷
হিমন্ত বিশ্ব শৰ্মাক বাবু বুলি সম্বোধন কেজৰিৱালৰ৷
ভাষণত কয় যে, হিমন্ত বাবু মুখ্যমন্ত্ৰী ঠিকেই হ’ল কিন্তু অসমীয়া সংস্কৃতিহে শিকা নহ’ল৷
হিমন্ত বাবুৱে সংস্কৃতি শিকক বুলি ভাষণৰ আৰম্ভণিতেই প্ৰকাশ কেজৰিৱালৰ৷
ইয়াৰোপৰি অৰবিন্দ কেজৰিৱালে কয় যে অসমীয়া মানুহে অতিথিক শুশ্ৰূষা কৰিব জানে, হিমন্ত বাবুৱেহে জেলত দিম বুলি ভাবুকি দিয়ে৷
https://fb.watch/jFj58URkEm/
প্ৰশ্ন কাকত ফাদিলক লৈয়ো মন্তব্য অৰবিন্দ কেজৰিৱালৰ৷
পেপাৰ এখন ভালকে ৰাখিব নোৱাৰে অসমক কেনেকৈ ৰাখিব?
ভিতৰি ভিতৰি কোনোলোক জড়িত হৈ পেপাৰ বিক্ৰীৰ বেপাৰ চলাইছে বুলিও মন্তব্য।
দিল্লী পঞ্জাৱত পেপাৰ লিক নহয় কাৰণ তাত ইমনদাৰ চৰকাৰ আছে বুলিও প্ৰকাশ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















