অসম লাইভ২৪: এটা প্ৰতিষ্ঠিত সুৰা কোম্পানীৰ বটলত দেখা গৈছে ৰঙা-বগা ৰঙৰ কিছু লোকছবি। প্ৰথমাৱস্থাত গামোচাত অসমীয়া শিপিনীয়ে তোলা ফুল যেন লগাত একাংশই এইয়া গামোচাত তোলা অসমৰ বৈষ্ণৱ ধৰ্মৰ ছবি বুলি অভিযোগ তুলিছে। সামাজিক মাধ্যমতো ছবিখন ভাইৰেল হৈ পৰিছে। ইতিমধ্যে একাংশই কোম্পানীটোৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে।
সুৰাৰ বটলত থকা এই চিত্ৰ প্ৰকৃততে কৰ্নাটকৰ য়াক্সাগনাৰহে। যি এক কানাড়া লোকগীতৰ পৰা অনা হৈছে। ইয়াৰ অৰ্থ নাৰী সৱলীকৰণ আৰু সম অধিকাৰ। কেৱল ৰঙা-বগা ৰং দেখিলেই গামোচা বুলি ভাবি সকলোতে বিতৰ্ক কৰাটোৱে গামোচাৰ সন্মান ম্লান কৰাইছে বুলি একাংশ সচেতন লোকে মন্তব্য কৰাও পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ