অসম লাইভ ২৪ বৰ্তমান সময়খিনি বিয়াৰ সময় ৷ সম্ভৱত বিয়া আপুনি বহুত দেখিছে ৷ সকলোৱে নিজৰ বিয়াখন মনত থকাকৈ পাতিব বিচাৰে ৷ যাৰবাবে বিভিন্ন সময়ত ছ’চিয়েল মিডিয়াত ভাইৰেল হয় এনেকুৱা ধৰণৰ ব্যতিক্ৰমী বিবাহ ৷
কিন্তু আজি আপোনালোকক কম এইখন অসমৰে এখন ব্যতিক্ৰমী বিবাহৰ কথা ৷ যি কথা শুনিলে আপোনাৰো চকু কপালত উঠিব ৷
এইখন অসমতে সংঘটিত হৈছে এই ব্যতিক্ৰমী বিবাহখন ৷ দৰা-কইনাই বিয়াত বহাৰ পূৰ্বে স্বাক্ষৰ কৰিছে চুক্তিত ৷ এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে দৰা-কইনাই ৷ কইনাৰ চুক্তি অনুসৰি, প্ৰতি ১৫ দিনৰ মূৰে-মূৰে দৰাই কৰিব লাগিব বজাৰ, প্ৰতি মাহত এবাৰকৈ পিজ্জাৰ পাৰ্টী দিব লাগিব কইনাক, প্ৰতি মাহত কাপোৰ কিনি দিব লাগিব দৰাই, বছৰত দুবাৰকৈ ভ্ৰমণৰ বাবে নিব লাগিব কইনাক ৷
ইফালে, দৰাৰ ফালৰ পৰাও আছে অদ্ভুত চুক্তি ৷ দৰাৰ চুক্তি অনুসৰি, প্ৰতিদিনে কাপোৰ ইস্ত্ৰি কৰিব লাগিব কইনাই, খাদ্যৰ আলপৈচান ধৰিব লাগিব কইনাই ৷
এই ব্যতিক্ৰমী বিবাহখন সম্প্ৰতি ছ’চিয়েল মিডিয়াত তীব্ৰ ভাইৰেল হৈ পৰিছে ৷
‘ৱেডলক ফটোগ্ৰাফী’ নামৰ এটা চেনেলৰ পৰা ছ’চিয়েল মিডিয়াত আপলোড হোৱা ষ্টৰীটো বৰ্তমান প্ৰায় ৪৫ মিলিয়ন লোকে চাইছে ৷ বিভিন্নজনে ইনষ্টাগ্ৰামতে বিভিন্ন মন্তব্যৰে উপচাই তুলিছে ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ