অসম লাইভ ২৪ঃ কৃষকৰ আন্দোলনলৈ পূৰ্ণ সমৰ্থন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।
দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কৃষক বিদ্ৰোহৰ প্ৰতি সমৰ্থন জনাই আজি অনশন কাৰ্যসূচী গ্ৰহণ কৰে। উল্লেখ্য, প্ৰতিবাদী কৃষকসকলে আজি দিল্লীৰ সকলো প্ৰৱেশ পথত অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে।
মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আম আদমী পাৰ্টীৰ সকলো সদস্য, সমৰ্থকক এই অনশন কাৰ্যসূচীৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ আহ্বান জনাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ