অসম লাইভ২৪ঃ তাজমহল! পত্নী মমতাজৰ প্ৰেমতেই এই স্মৃতিসৌধ নিৰ্মাণ কৰিছিল সম্ৰাট ছাহজাহানে। দেশ বিদেশৰ বহু মানুহেই পৃথিৱীৰ সপ্তম আশ্চৰ্যটোক চাবলৈ ভীৰ কৰে। পুনৰ আগ্ৰাৰ সেই স্মৃতিসৌধটোৰ আৰ্হিৰে আন এক তাজমহল নিৰ্মাণ কৰিছে এজন যুৱকে। তেওঁ কিন্তু পত্নী নতুবা প্ৰেমিকাৰ বাবে এই স্মৃতিসৌধ নিৰ্মাণ কৰা নাই। মাতৃৰ স্মৃতিতহে ভাৰতত আন এক তাজমহল নিৰ্মাণ কৰিছে যুৱকজনে।
কৰ্মসূত্ৰে প্ৰায়সংখ্যকেই আজিকালি পৰিয়ালৰ সৈতে নাথাকে। পিতৃ-মাতৃক কাষত থাকি সময় দিব নোৱাৰে। সেয়ে সময়ৰ আহ্বান বুলি মানি বহু পিতৃ-মাতৃয়েই আজিকালি বৃদ্ধাশ্ৰমৰো বাসিন্দা হয়গৈ। বৃদ্ধ পিতৃ-মাতৃৰ যত্ন সন্তানে নলয়, এই বিষয়টোৱে শিৰোনাম দখল কৰাৰ সময়তেই আন এক ব্যতিক্ৰমী নিদৰ্শন দাঙি ধৰিছে এজন যুৱকে। মাতৃৰ নামেৰে অন্য এক তাজমহল নিৰ্মাণ কৰি চৰ্চালৈ আহিছে এজন যুৱক।
মাতৃৰ বাবে তাজমহল নিৰ্মাণ কৰিছে আমিৰউদ্দিন শ্বেখ। মাত্ৰ এঘাৰ বছৰ বয়সত পিতৃক হেৰুৱাইছিল চেন্নাইৰ তিৰুভাৰু জিলাৰ আম্মাইপ্পানৰ বাসিন্দা আমিৰউদ্দিনে। ইয়াৰপাছতেই হাৰ্ডৱেৰ দোতান চলাই চাৰি সন্তানক পঢ়া শুনাৰ পৰা সমস্ত দায়িত্ব মাতৃ আব্দুল কাদাৰ জৈলান বিবিয়ে লৈছিল। স্নাতক হোৱাৰ পাছতেই বৰ্তমান চেন্নাইত নিজা ব্যৱসায় আৰম্ভ কৰিছে আমিৰউদ্দিনে। ব্যৱসায় আৰম্ভ কৰিলেও মাতৃক এটা সুখৰ জীৱন দিব নোৱাৰিলে আমিৰউদ্দিনে। দিন ভাললৈ অহাৰ সময়তেই ২০২০ চনত মাতৃৰ মৃত্যু হয়। মাতৃৰ মৃত্যুত ভাঙি পৰা আমিৰউদ্দিনে শেষত সিদ্ধান্ত লয় যে মাতৃৰ স্মৃতিত এটা স্মৃতিসৌধ নিৰ্মাণ কৰিব।
কিয় আমিৰউদ্দিনে নিৰ্মাণ কৰিলে এই তাজমহল?
এক গাড়ী দুৰ্ঘটনাত মৃত্যু হৈছিল আমিৰৰ পিতৃৰ। তাৰপিছত মাতৃয়ে পাঁচ সন্তানক লালনপালন কৰাৰ দায়িত্ব নিজৰ হাতত তুলি লয়। কম বয়সতে বাপেকক হেৰোৱাৰ পাছত মাকেই সকলো হৈ পৰিছিল আমিৰহঁতৰ বাবে। মাতৃৰ চেষ্টাতেই আমিৰে নিজৰ পঢ়া শুনা আগুৱাই লৈ যায়। কিন্তু ভাল দিন আহোতেই মাতৃয়ে এই পৃথিৱীৰ পৰা বিদায় লয়। আমিৰে মাতৃক নিজৰ ঘৰৰ কাষতেই কবৰ দিয়ে। মাতৃৰ সেই কবৰস্থানতেই শেহতীয়াকৈ আমিৰে আগবঢ়াই নিছে তাজমহল নিৰ্মাণৰ কাম। তেওঁৰ এই সিদ্ধান্তত পৰিয়ালেও লগ দিছে আমিৰক।
কেনেকৈ গঢ়িছে এই স্মৃতিসৌধ
তাজমহলৰ আৰ্হিৰে দেখা নিৰ্মাণ কৰা স্মৃতিসৌধটোৰ বাবে ৰাজস্থানৰ পৰা মাৰ্বল আনিছিল আমিৰে। দক্ষ শ্ৰমিকো অনা হৈছিল ৰাজস্থানৰ পৰা। ২০২১ চনৰ জুন মাহৰ পৰা নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল আমিৰে। দুবছৰ ধৰি স্থানীয় শ্ৰমিকৰ সৈতে মিলিত হৈ ২০০ কো অধিক শ্ৰমিকে এই স্মৃতিসৌধ নিৰ্মাণৰ কাম হাতত লৈছিল। চলিত বছৰৰ ২ জুনত এই স্মৃতিসৌধটো জনতাৰ বাবে মুকলি কৰি দিয়া হৈছে।
এই স্মৃতিসৌধ নিৰ্মাণত কিমান ধন খৰচ হৈছে?
আমিৰউদ্দিনে জনোৱা অনুসৰি এই স্মাৰকটো বনোৱাৰ বাবে ৫ কোটি টকা খৰচ হৈছে। মাতৃয়েই নিজা ছেভিংছত প্ৰায় ৫-৬ কোটি ধন থৈ গৈছিল। সেই ধন খৰচ কৰিয়েই তেওঁ এই স্মৃতিসৌধ নিৰ্মাণ কৰিছে। কোনো ধৰ্মক অগ্ৰাধিকাৰ নিদিয়াকৈ এই স্মৃতিসৌধ নিৰ্মাণ কৰিছে আমিৰউদ্দিনে। এই স্মৃতিসৌধৰ কাষতেই আছে এখন মাদ্ৰাছা স্কুলো। বৰ্তমান সেই মাদ্ৰাছাত ১০ জন ছাত্ৰ থকাৰো ব্যৱস্থা কৰিছে আমিৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ