অসম লাইভ ২৪ঃ ছ’চিয়েল মিডিয়াত হুলস্থূল লগাই থকা আই টি চেলৰ বিৰুদ্ধে এইবাৰ সৰৱ হ’ল বিজেপিৰ জ্যেষ্ঠ নেতা সুব্ৰমণিয়ম স্বামী। টুইটাৰত আই টি চেলক এজাউৰি দিলে স্বামীয়ে। ৰাজ্যসভাৰ সাংসদ সুব্ৰমণিয়ম স্বামীৰ নিজ দলৰেই পাশুপাত স্বৰূপ আই টি চেলৰ বিৰুদ্ধে ভুৱা একাউণ্ট খুলি তেওঁক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে। স্বামীৰ টুইটে প্ৰমাণ কৰিলে আই টি চেলক স্বয়ং বিজেপিয়ে একাংশ নেতাই বিশ্বাস নকৰাৰ লগতে ঘৃণাৰ চকুৰে চায়। আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰি সাংসদগৰাকীয়ে সকীয়াই দিলে আই টি চেলে এনে দুষ্কাৰ্য চলাই থকাৰ পৰিপ্ৰেক্ষিতত যদি তেওঁৰ সমৰ্থকেও অনুৰূপ কাৰ্য কৰে তাৰ বাবে সুব্ৰমণিয়ম স্বামী দায়ী নহ’ব। আই টি চেলৰ মুৰব্বী অমিত মালব্যক পোনপটীয়া লক্ষ্য কৰি লয় সুব্ৰমণিয়ম স্বামীয়ে। তেওঁ কয়- আমি পুৰুষোত্তম ৰামৰ দল, ৰাৱণ বা দুঃশাসনৰ দল নহয়। মালব্যৰ দৰে লোকক বিজেপিয়ে তুৰন্তে আই টি চেলৰ দায়িত্বৰ পৰা আঁতৰাব লাগে। ইমানতেই ক্ষান্ত থকা নাই ক্ষোভিত বিজেপি নেতাগৰাকী। তেওঁ আই টি চেলৰ মুৰব্বীগৰাকীক দলৰ পৰাই বহিষ্কাৰ কৰিব লাগে বুলিও দাবী উত্থাপন কৰে।
The BJP IT cell has gone rogue. Some of its members are putting out fake ID tweets to make personal attacks on me. If my angered followers make counter personal attacks I cannot be held resonsible just as BJP cannot be held respinsible for the rogue IT cell of the party
— Subramanian Swamy (@Swamy39) September 7, 2020

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ