অসম লাইভ ২৪ঃ এইবাৰৰ আই পি এলেই শেষ! নে পুনৰ চেন্নাই চুপাৰ কিংছৰ জাৰ্ছিত দেখা যাব মহেন্দ্ৰ সিং ধোনীক। যোৱা দুমাহ ধৰি ক্ৰিকেটপ্ৰেমী সকলৰ মনত বাৰে বাৰে এই প্ৰশ্ন উত্থাপন হৈ থকা দেখিবলৈ পোৱা গৈছে। মংগলবাৰৰ আই পি এলৰ প্ৰথম কোৱালিফায়াৰত গুজৰাট টাইটান্সক ১৫ ৰাণৰ ব্যৱধানত হৰুওৱাৰ পিছত এই প্ৰশ্নৰ পুনৰ উত্থাপন হয়। উত্তৰত ধোনীয়ে তেওঁৰ হাতত এতিয়াও ভাবিবলৈ যথেষ্ট সময় আছে বুলি জানিবলৈ দিয়ে।
গুজৰাটক হৰুওৱাৰ পিছত এম এছ ধোনীক সঞ্চালক হৰ্ষ ভোগলে এনেদৰে প্ৰশ্ন কৰে যে আই পি এলৰ আগন্তুক খেলসমূহত ক্ৰিকেটাৰজনক দেখা পোৱা যাব নে নাই।
প্ৰশ্নৰ উত্তৰত খেলুৱৈজনে এই বিষয়ে ভাবিবলৈ যথেষ্ট সময় থকা বুলি জনায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ