অসম লাইভ২৪ঃ হিন্দুসকলৰ উপাস্য দেৱী কালীক লৈ বিশেষ মন্তব্য কৰি চৰ্চাত এজন ব্যক্তি। সামাজিক মাধ্যমত ব্যক্তিজনৰ বিৰুদ্ধে একাংশই ক্ষোভো উজাৰিছে। কানাডাৰ যুৱকজনে কালী দেৱীক লৈ এনে কি মন্তব্য কৰিছিল?
কানাডাৰ ব্যক্তিজনে কালী দেৱীৰ এখন ফটো পোষ্ট কৰি এটা বিশেষ কেপছন দিছিল। পেছাত মনস্তত্ত্ববিদ ব্যক্তিজনৰ নাম জৰ্ডন পিটাৰছন। তেওঁ কালীৰ ফটো শ্বেয়াৰ কৰি পোষ্টত লিখিছিল, ‘একেবাৰেই নিৰ্ভেজাল আত্মপ্ৰেমৰ প্ৰকাশ। মোৰ মনে কয় এইগৰাকী ক্ষুধাৰ্ত দেৱী প্ৰকৃততে আণ্ডাৰৱৰ্ল্ডৰ পৰা তুলি অনা এক চৰিত্ৰ।’
https://twitter.com/jordanbpeterson/status/1634675002560618498?s=20
এই পোষ্টটো ক্ষন্তেকতেই ভাইৰেলো হৈ পৰিছে বিশ্বত। জৰ্ডনৰ পোষ্টৰ তলত তেওঁৰ একাংশ বন্ধুৱে লিখিছে যে, এয়া তেওঁৰ চিনাকি এগৰাৰী কৃষ্ণাংগ মহিলাক লৈ দিয়া পোষ্টহে। কালী দেৱীও যিহেতু ক’লা সেয়ে কৃষ্ণাঙ্গ মহিলাগৰাকীক এই ছবি দিয়েই কটাক্ষ কৰিছে জৰ্ডনে। কিন্তু নেপথ্যত যিয়েই কাৰণ নাথাকক কিয় একাংশ হিন্দু লোকে কিন্তু এই পোষ্টটোক লৈ আপত্তি দৰ্শোৱা পৰিলক্ষিত হৈছে।
একাংশ লোকৰ মতে দেশৰ সংস্কৃতি অন্য এখন দেশৰ লোকে হয়তো বুজি নাপাব পাৰে কিন্তু সন্মান জনোৱাটো গুৰুত্বপূৰ্ণ কথা। একাংশই আকৌ কালীৰ মহিমাও বৰ্ণনা কৰিছে। তেওঁলোকৰ মতে, কাল শব্দৰ পৰাই কালীৰ উৎপত্তি। কাল বা সময় সকলোবোৰেই তেওঁ খাই থ’ব পাৰে। আৰু কালীৰ আগ্ৰাসী ৰূপ ক্ষুধাৰেই বহিঃপ্ৰকাশ। কালীৰ সৈতে অন্ধকাৰ পৃথিৱীৰ কোনো সম্পৰ্ক নাই। কালী প্ৰকৃততে চূড়ান্ত মহাজাগতিক শক্তিৰ প্ৰকাশ বুলিয়েই বহুতে দাবী কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















