অসম লাইভ২৪ঃ যৌনকৰ্মক পেছা হিচাপে স্বীকৃতি দিব লাগে। এই দাবী দীৰ্ঘদিনীয়া। এবছৰ পূৰ্বে অৰ্থাৎ ২০২২ চনৰ মে মাহত সেই বিষয়ক লৈ সৰ্বোচ্ছ ন্যায়ালয়েও দিছিল বিশেষ ৰায়দান। উচ্চতম ন্যায়ালয়ে দিয়া ৰায় অনুসৰি যৌনকৰ্মীয়েও সমমৰ্যাদা লাভ কৰাৰ অধিকাৰ আছে। ইয়াৰোপৰি এই পেছাত অহা কৰ্মীসকলক আৰক্ষীয়ে অহৰহভাৱে হস্তক্ষেপ কৰাতো বাধা আৰোপ কৰিছিল আদালতে।
সৰ্বোচ্চ ন্যায়ালয়ে এই ৰায়দান দিয়াৰ পাছতেই পশ্চিমবংগৰ সোনাগাছিত দেখা গৈছিল উছাহৰ লহৰ। আবতৰীয়া হোলীও পালন কৰিছিল এই এলেকাত বাসকৰা কৰ্মীসকলে। এই ৰায়দানৰ এবছৰ পাছত কিন্তু সেই উছাহ যে অনৰ্থক আছিল সেই কথা বুজি উঠিছে এইসকল কৰ্মীয়ে। তেওঁলোক আজিও সামাজিক আৰু প্ৰশাসনিকভাৱে লাঞ্ছনাৰ সন্মুখীন হৈয়েই আছে। ১ মে’ শ্ৰমিক দিৱসৰ দিনাও সেই সপোন আধৰুৱাই হৈ ৰৈছে এইসকল কৰ্মীৰ।
‘আমিও শ্ৰমিকৰ মৰ্যাদা বিচাৰো’- এই শ্লোগানেৰে প্ৰথমবাৰ কলকাতা চহৰ মুখৰিত হৈ পৰিছিল ২০০১ চনৰ ৩ মাৰ্চত। কলকাতাৰ ৰাস্তাতো প্ৰথমবাৰ ২৫ হাজাৰ যৌনকৰ্মীয়ে মিছিলো কৰিছিল। বিগত ২০ বছৰৰো অধিক কাল ধৰি চলা আন্দোলনৰ ফলশ্ৰুতিতেই ২০২২ বৰ্ষত বিশেষ ৰায়দান দিলে সৰ্বোচ্ছ ন্যায়ালয়ে।
এই ৰায়দানৰ এবছৰ পাছতো চৰকাৰীভাৱে কোনো ব্যৱস্থাই গ্ৰহণ কৰা নহ’ল বুলি প্ৰকাশ কৰিছে এইসকল কৰ্মীয়ে। আগন্তুক জুন মাহত কলকাতাত বিশেষভাৱে লগ হ’ব সমগ্ৰ দেশৰ যৌনকৰ্মীসকল। যৌনকৰ্মীসকলৰ হৈ কাম কৰি থকা বিশেষ স্বেচ্ছাসেৱী সংস্থাই এই তথ্য প্ৰকাশ কৰিছে। স্বেচ্ছাসেৱী সংস্থাটোৱে জনোৱা অনুসৰি, ‘উচ্চতম ন্যায়ালয়ে যৌনকৰ্মীসকলক শ্ৰমিকৰ মৰ্যাদা দিয়াৰ লগতে এই পেছাক আইনী স্বীকৃতি দিছে। কিন্তু এই স্বীকৃতি দিয়াৰ এবছৰ পাছতো এই কৰ্মীসকলক কোনো চৰকাৰী সা সুবিধা প্ৰদান কৰা নহ’ল। এতিয়ালৈকে তেওঁলোকৰ কামৰ কোনো নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়া হোৱা নাই। সমগ্ৰ দেশত আজিও যৌনকৰ্মীয়ে কোনো সা সুবিধা লাভ নকৰিলে। সেয়ে তিনিদিনীয়া কাৰ্যসূচীৰে এইবাৰ কলকাতাত বিশেষ সভাৰ আয়োজন কৰা হৈছে।’
বিগত বৰ্ষৰ ২৬ মে’ত বিচাৰপতি এল নাগেশ্বৰ ৰাও নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে দিয়া ৰায় অনসৰি, ‘যৌনকৰ্মীসকলকো আইনৰ দৃষ্টিৰে সমান সুৰক্ষা প্ৰদান কৰিব লাগে। কিন্তু এই কথাও স্পষ্ট যে, এগৰাকী যৌনকৰ্মী প্ৰাপ্তবয়স্ক হোৱাৰ লগতে তেওঁ নিজা সন্মতিতহে যৌনতা বিক্ৰি কৰিব লাগিব। এইদৰে নিজ ইচ্ছাৰে যৌনতা বিক্ৰি কৰা কৰ্মীৰ বাবে এয়া পেছা বুলিয়েই ধৰা হ’ব। তাত আৰক্ষীৰ অকাৰণ হস্তক্ষেপৰ প্ৰয়োজন নাই। কোনো ফৌজাদাৰী ব্যৱস্থাও গ্ৰহণ কৰিব নোৱাৰিব। সংবিধানৰ ২১ নম্বৰ অনুচ্ছেদ অনুসৰি এই দেশৰ প্ৰত্যেক নাগৰিকৰ মৰ্যাদাপূৰ্ণ জীৱনযাপনৰ অধিকাৰ আছে।’
আদালতে লগতে জনাইছিল যে, ‘মাতৃগৰাকী যদি যৌন পেছাত আছে তেন্তে সন্তানো সেই সেই পেছালৈ আহিব তেনে কোনো কথা নাই। কোনো যৌনকৰ্মীয়ে যদি তেওঁৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ অভিযোগ আনিলে আৰক্ষীয়ে এই ক্ষেত্ৰত সম্পূৰ্ণ ভূমিকা অৱলম্বন কৰিব লাগিব। শাৰীৰিক পৰীক্ষা কৰাটোতো আৰক্ষীয়ে ভূমিকা অৱলম্বন কৰিব লাগিব। এই ক্ষেত্ৰত এজন সাধাৰণ মানুহ যিসমূহ সুবিধাৰ অধিকাৰী, যৌনকৰ্মীসকলেও সেই সুবিধা লাভ কৰাটো জৰুৰী। ইয়াৰোপৰি যৌনকৰ্মীসকল থকা এলেকাত আৰক্ষীয়ে অভিযান চলালে কৰ্মীসকলক গ্ৰেপ্তাৰ কৰাটো উচিত নহয়। কাৰণ যৌনকৰ্ম বেআইনী নহয়। কিন্তু এইধৰণৰ গলি নিৰ্মাণ কৰাটো অপৰাধ।’
এই সন্দৰ্ভত এগৰাকী যৌনকৰ্মী এগৰাকীয়ে কৈছিল, ‘প্ৰকৃততে আইনৰ সুৰুঙা ৰৈয়েই গৈছে। যৌনকৰ্ম বেআইনী নহয় কিন্তু যৌনতাৰ বেহা চলোৱা এলেকাটো অপৰাধ এয়া কেনেকুৱা ৰায়? আমাৰ পেছাক আইনী স্বীকৃতি দিয়াৰ কি লাভ আছে? আমাক শ্ৰমিকৰ মৰ্যাদা দিছেই যদি আমাৰ ভৱিষ্যতৰ কথা ভাৱি পেঞ্চনৰ ব্যৱস্থা কৰাটো ভাল। কামৰ সময়ো নিৰ্দিষ্ট কৰি দিব লাগে। মাতৃত্বকালীন সুবিধাও আমি পোৱাটো জৰুৰী। আমাৰ বহুতেই কেৱল পেটৰ ভোকৰ বাবেই গৰ্ভাৱস্থাতো কাম কৰিব লগা হয়। যাৰবাবে মাৰাত্মক বেমাৰতো ভূগিব লগা হয়। ৰোগ হ’লেও চৰকাৰী হাস্পতালত আমি উপযুক্ত চিকিৎসা নাপাও। ইফালে নিৰাপত্তাৰ ব্যৱস্থাৰ কথা নকওৱেই। নূন্যতম মজুৰিৰে আমি জীৱন নিৰ্বাহ কৰি আছো।’
আন এগৰাকী কৰ্মীৰ মন্তব্য, ‘দেশৰ কোনো স্থানতেই নিয়মকানুনসমূহ সঠিককৈ চলিব থকা নাই। কলকাতাত ১৯৯৭ চনতেই যৌনকৰ্মীসকলৰ কো-অপাৰেটিভ গঠিত হৈছিল। কিন্তু ইয়াৰ পাছতো আইনী সুবিধাৰ পৰা আমি বঞ্চিত হৈয়েই আছো। এই ছবি কেৱল কলকাতাৰেই নহয়। এই ছবি সমগ্ৰ দেশৰ যৌনকৰ্মীসকলৰেই।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ