অসম লাইভ ২৪ঃ অসমবাসীৰ বাবে সুখবৰ। ২০২১ বৰ্ষত অসম গৌৰৱ আদিল হুছেইনক দেখা পাব নতুন ৰূপত। বিশ্ববন্দিত বিদ্ৰোহী নেতা, বংগ বন্ধু মজিবুৰ ৰহমানৰ চৰিত্ৰত দৰ্শকে দেখা পাব আদিল হুছেইনক। বাংলাদেশৰ স্বাধীনতা দিৱসৰ পটভূমিত নিৰ্মাণ হ’ব লগা ‘বেটেল ফৰ বেংগল’ত বলীউড অভিনেতা তথা গোৱালপাৰাৰ সন্তান আদিল হুছেইনে শ্বেইখ মজিবুৰ ৰহমানৰ চৰিত্ৰত অভিনয়ৰ বাবে চুক্তিবদ্ধ কৰিছে। বিখ্যাত নাট্যশিল্পী, দিল্লী ক্ৰাইমৰ পৰিচালক ঋষি মেহতাৰ পৰিচালনাত নিৰ্মাণ হ’ব ‘বেটেল ফৰ বেংগল’। ছবিখন অহা মাৰ্চ, এপ্ৰিল মাহত শুভমুক্তি পোৱাৰ সম্ভাৱনা। উল্লেখ্য যে ছবিখন যিহেতু বাংলাদেশৰ স্বাধীনতা সংগ্ৰামৰ পটভূমিত নিৰ্মাণ হ’বলগা আছিল যদিও কৰোনা মহামাৰীৰ বাবে ছবিখনৰ কাম স্থগিত ৰাখিবলগীয়া হৈছে। ইতিমধ্যে ছবিখনৰ কাম বহুখিনি আগবাঢ়িছে। বাংলাদেশৰ বিভিন্ন ঠাইত দৃশ্যগ্ৰহণো কৰা হৈছে। অকল বাংলাদেশেই নহয়, ভাৰতৰ বিভিন্ন ঠাইত ‘বেটেল ফৰ বেংগল’ৰ দৃশ্যগ্ৰহণ কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ