অসম লাইভ২৪ঃ নাম ধনজিৎ কলিতা৷ ধনজিৎ এক ভয়াৱহ ৰোগৰ সৈতে যুঁজি আছে৷ চিকিৎসকে জনোৱামতে ধনজিতৰ দুয়োটা কিডনীয়েই বিকল হৈ পৰিছে৷ ধনজিতৰ জ্যেষ্ঠ ভাতৃয়ে সহায় বিচাৰি লিখিছে, ‘মোৰ ভাইটি ধনজিৎ কলিতাৰ অৱস্থা অতি সংকটজনক, ডক্টৰে জনোৱা মতে তেওঁৰ এটা কিডনী ইতিমধ্যে বিকল হৈছে আৰু অন্য এটা কিডনী লাহে লাহে বেয়া হৈছে। বৰ্তমান তেওঁ ঘৰতে পইচাৰ অভাৱত মৃত্যুৰ সৈতে যুৃঁজি আছে। ডক্তৰৰ মতে অপাৰেচনৰ বাবে লাখৰ ওচৰত টকাৰ প্ৰয়োজন কিন্তু বিগত কেইমাহ মান বিভিন্ন চিকিৎসালয় ঘুৰি থকাৰ বাবে আৰ্থিক অৱস্থা একেবাৰে শোচনীয় হৈছে। পিতৃয়ে নিতৌ দিন হাজিৰা কৰি বৰ্তমান পুত্ৰৰ চিকিৎসা কৰিবলৈ অক্ষম। আপোনাৰ অকনমান সহায়ে তেওঁক নতুন জীৱন এটা দিব,চিকিৎসালয়ত অন্তত যুঁজিবলৈ সাহস কণ দিব। আমি আশাবাদী আপোনাৰ সহায়ৰ হাতখন এই বিপদৰ সময়ত আমাৰ কাষত পাম বুলি।
ঠিকনা, নামঃ ধনজিৎ কলিতা, পিতৃঃ উদয় কলিতা, গাওঁঃপূৰাণবুৰ্কা সত্ৰ, ডিমু৷ Account No :14270110079065, IFSC:UCBA001427, Phone pay no :9394304314, UPI ID : 9394304314@axl’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ