—অভিজিত গগৈ
অসম লাইভ ২৪ঃ যোৰহাট জিলাৰ নকছাৰি মিলি গাঁৱত ১৯৭৬ চনৰ ২১ আগষ্টত জন্মলাভ কৰা উজ্জ্বল পাওগাম অসম তথা ভাৰতবৰ্ষৰ কাব্য সাহিত্যৰ এক চিনাকি নাম। নিৰলসভাৱে সাহিত্য সাধনাত ব্ৰতী হৈ থকা উজ্জ্বল পাওগামে অসমীয়া কাব্য সাহিত্যত ভুমুকি মাৰে নব্বৈ দশকত । জনপ্ৰিয় তথা সমাদৃত কবি উজ্জ্বল পাওগামৰ সৃষ্টিৰাজি অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন বাতৰি কাকত-আলোচনীত প্ৰকাশ পাইছে। এতিয়ালৈকে তেখেতৰ ৯ খন কাব্য-গ্ৰন্থ প্ৰকাশ পাইছে। অসমীয়া কাব্য সাহিত্যৰ সোণালী ক্ষেত্ৰখনত তেখেতৰ অবদান লেখত ল’বলগীয়া। বিশেষকৈ, ‘ভুলতে হ’লেও তুমি মোক এবাৰ ভাল পাওঁ বুলি কোৱা’ , ‘আই আৰু পিতাইৰ দৰে হওক আমাৰ ভালপোৱা চিৰসেউজীয়া’ আৰু ‘স্ব-নিৰ্বাচিত’ কাব্য-গ্ৰন্থৰ জৰিয়তে পাঠক তথা অসমীয়া কাব্য সাহিত্যৰ স্বনামধন্য ব্যক্তিসকলৰ পৰা অফুৰন্ত সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা উজ্জ্বল পাওগামৰ কবিতা বৰ্তমানলৈ ইংৰাজী, হিন্দী, উৰিষ্যা, বাংলা ইত্যাদি ভিন্ন ভাষাত অনুবাদ হৈছে। মুম্বাই, গুজৰাট, ৰাজস্থান, দিল্লী, উৰিষ্যা, মণিপুৰ, অৰুণাচল ইত্যাদি ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰীয় কবি সন্মিলনত অংশগ্ৰহণ কৰা জনপ্ৰিয় তথা সমাদৃত কবি উজ্জ্বল পাওগাম বৰ্তমান সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক।
যোৰহাটত অৱস্থিত ‘শব্দ প্ৰকাশন’ ছপা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী উজ্জ্বল পাওগাম এতিয়া ব্যস্ত হৈ পৰিছে জৈৱিক কৃষিকৰ্মত । যোৱা বৰ্ষৰ পৰা প্ৰায় ২০ বিঘা মাটিত সমন্বিত জৈৱিক কৃষি পদ্ধতিৰে চাহ, কল, তামোল, জালুক ইত্যাদি ভিন্ন খেতি কৰাৰ উপৰিও মৌ-পালন, মীন পালন, কুকুৰা পালন, গাহৰি পালনত নিজকে নিয়োজিত কৰি যুৱ প্ৰজন্মৰ বাবে এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। বহু-তৰপীয়া তথা সমন্বিত জৈৱিক এই কৃষিস্থলীত যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক তথা ৩০ টাতকৈ অধিক ছাত্ৰ-ছাত্ৰীৰ দলে গৱেষণাত ব্যস্ত হৈ পৰাৰ খবৰ সামাজিক মাধ্যমৰ জৰিয়তে বিয়পি পৰাৰ লগে লগে অসমৰ বিভিন্ন প্ৰান্তৰ বহুসংখ্যক ব্যক্তিৰ আগমন ঘটিছে। আনহাতে, ছাত্ৰ- ছাত্ৰী তথা পাঠক সকলৰ সুবিধাৰ্থে উজ্জ্বল পাওগামে মুকলিকৈ তথ্যসমৃদ্ধ এটি পুথিভঁৰাল স্থাপন কৰিছে। উল্লেখনীয় কথাটো হ’ল, এই কৃষিকৰ্মৰ যোগেদি তেখেতে নিবনুৱা যুৱক- যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ এটা নতুন বাট মুকলি কৰিছে। বৰ্তমান এই কৃষিকৰ্মৰ লগত ৫ টাতকৈ অধিক পৰিয়াল জড়িত হৈ আছে। উজ্জ্বল পাওগামৰ এনে কৰ্ম আদৰণীয় আৰু প্ৰশংসনীয়। মুঠৰ ওপৰত, উজ্জ্বল পাওগাম কেৱল এগৰাকী জনপ্ৰিয় তথা সমাদৃত কবিয়ে নহয় তেখেত এগৰাকী আদৰ্শবান কৃষকো।
লেখকৰ ঠিকনা—
ডিমৌ, শিৱসাগৰ, ম’বাইলঃ ৭০৮৬৩৭৮৩৮৪
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ