অসম লাইভ ২৪ঃ ইস্তানবুলৰ এগৰাকী ইছলামিক টিভি প্ৰচাৰক। নাম আদনান অক্তাৰ। ৬৪ বছৰীয়া এইগৰাকী ইছলামিক প্ৰচাৰকৰ প্ৰেমিকাৰ সংখ্যা ১০০০ গৰাকী। এইগৰাকী প্ৰচাৰক কিছুদিন পূর্বে সমগ্ৰ বিশ্বৰ চর্চালৈ আহিছে। অৱশ্যে তেওঁ চর্চা লাভ কৰা কাৰণ বেলেগ। শেহতীয়াকৈ কেইবাটাও গোচৰৰ ৰায়দান মিলি তেওঁৰ শাস্তি হিচাপে ১০৭৫ বছৰৰ জেল ঘোষণা কৰিছে। এইগৰাকী প্ৰচাৰকৰ বিৰুদ্ধে আছে ভয়ংকৰ গোচৰ। মহিলাক যৌন নির্যাতন-উৎপীড়ন চলোৱাৰ লগতে ধর্ষণৰ গোচৰতো অভিযুক্ত তেওঁ। ইয়াৰ লগতে মহিলাক জোৰ কৰি গর্ভনিৰোধক ঔষধ খুওৱাৰো অভিযোগ আছে তেওঁৰ বিৰুদ্ধে। শেহতীয়াকৈ আৰক্ষীয়ে তেওঁৰ বাসগৃহৰ পৰা ৬৯,০০০ গর্ভনিৰোধক ঔষধ উদ্ধাৰ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ