অসম লাইভ ২৪ঃ সমগ্ৰ দেশত ভয়াৱহ ৰূপ লৈছে ক’ৰোনা ভাইৰাছে। ক’ৰোনাৰ প্ৰতিৰোধৰ বাবে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে। বজাৰত উপলব্ধ হৈছে বিভিন্ন ধৰমৰ মাস্ক। সোণৰ মাস্কৰ পাছত এইবাৰ ওলাল হীৰাৰ মাস্ক। চুৰাটৰ এখন গহনাৰ দোকানত পোৱা গৈছে হীৰাৰ মাস্ক। আমেৰিকান ডাইমণ্ড আৰু প্ৰকৃত হীৰাৰে খচিত মাস্কখন তৈয়াৰ কৰিছে দীপক চকচি নামৰ এজন ব্যৱসায়ীয়ে। চুৰাটৰ এজন ব্যক্তিয়ে তেওঁৰ কন্যাৰ বিবাহৰ বাবে এই হীৰাৰ মাস্ক পছন্দ কৰিছে। চুৰাটৰ সেই গহনাৰ দোকানখনত দুই ধৰণৰ মাস্ক তৈয়াৰ কৰা হয়। আমেৰিকান ডায়মণ্ড খচিত মাস্কৰ দাম ডেৰ লাখ টকা আৰু প্ৰকৃত হীৰা খচিত মাস্কৰ দাম প্ৰায় ৪ লাখ টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ