তথ্যত প্ৰকাশ, কভিড ভেকচিন আৰু হঠাৎ হাৰ্ট এটেকৰ মাজত কোনো সম্পৰ্ক নাই
কৰ’ণা ভাইৰাছ আৰু পিছত কভিড ভেকচিন, যাৰ পিছত ভাৰতবৰ্ষত বিশেষকৈ হাৰ্ট এটেকৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে। কোনো কোনোৱে খোজ কাঢ়ি থাকোঁতেই হাৰ্ট এটেক হৈ আছে আৰু কোনোবাই বহি থাকোঁতে হাৰ্ট এটেক হৈ মৃত্যু মুখত পৰিছে।
এই ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা হাৰ্ট একেট সন্দৰ্ভত বহু লোকেই দাবী কৰিছিল যে Covid ভেকচিনৰ বাবেই এইদৰে মানুহৰ মাজত হাৰ্ট এটেকৰ সংখ্যা বৃদ্ধি হৈছে। অৱশ্যে এই দাবী সন্দৰ্ভত আইচিএমআৰ আৰু এইমছৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ডাঙৰ তথ্য।
কিছুদিনৰ পৰা দেশত চৰ্চা চলি আছিল যে Covid-19ৰ ভেকচিন গ্ৰহণ কৰি বহু যুৱক-যুৱতী হঠাতে মৃত্যুমুখত পৰিছে। এই সন্দৰ্ভত বহু ধৰণৰ উৰাবাতৰি আৰু আশংকা বিয়পি পৰিছিল যদিও এতিয়া দেশৰ দুটা বৃহৎ চিকিৎসা প্ৰতিষ্ঠান আইচিএমআৰ (ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ) আৰু এইমছ (অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স)য়ে এই বিষয়ত এক বৃহৎ আৰু গভীৰ তদন্ত কৰিছে, য’ত স্পষ্টকৈ কোৱা হৈছে যে Covid ভেকচিন আৰু হঠাৎ মৃত্যুৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই।
আইচিএমআৰ-আইইমছে নেশ্যনেল ইনষ্টিটিউট অৱ ইপিডেমিঅ’লজিৰ সহযোগত এই প্ৰতিবেদন প্ৰস্তুত কৰিছে। ইয়াত ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ সেই লোকসকলৰ নমুনা লোৱা হৈছে যি সকল লোকৰ ২০২১ চনৰ ১ অক্টোবৰৰ পৰা ২০২৩ চনৰ ৩১ মাৰ্চৰ ভিতৰত আকস্মিক মৃত্যু হৈছে।
বহু মৃত্যু হোৱা ঘটনাই মানুহক আতংকিত কৰি তোলাৰ সময়তে আইচিএমআৰ আৰু এইমছৰ এই প্ৰতিবেদন। এই প্ৰতিবেদন সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতিত কয় যে দেশৰ কেইবাটাও সংস্থাৰ জৰিয়তে আকস্মিক মৃত্যুৰ গোচৰৰ তদন্ত কৰা হৈছে, যিয়ে প্ৰমাণ কৰিছে যে কোভিড-১৯ৰ প্ৰতিষেধক আৰু দেশত হঠাৎ মৃত্যুৰ খবৰৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই।
প্ৰতিবেদনত দাবী কৰা হৈছে যে যুৱক-যুৱতীসকলৰ মৃত্যুৰ কাৰণ হ’ব পাৰে জেনেটিক্স, জীৱনশৈলী, পূৰ্বৰ অৱস্থা, আৰু ক’ভিডৰ পিছৰ জটিলতা আদি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ