অসম লাইভ ২৪ঃ ভাৰতৰ ৰাজনীতিৰ এক নক্ষত্ৰ হেৰাই গ’ল সোমবাৰে সন্ধিয়া। কিছুদিন হাস্পতালত চিকিৎসাধীন হৈ থকাৰ পাছত সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখার্জী। প্ৰথমগৰাকী বঙালী ৰাষ্ট্ৰপতি আছিল তেওঁ। দিল্লীত থাকিলেও কেতিয়াও পাহৰিব পৰা নাছিল তেওঁৰ গাঁৱৰ ঘৰখন। হাস্পতালত ভর্তি হোৱাৰ কিছুদিন পূর্বে কঁঠাল খোৱাৰ ইচ্ছা হোৱাৰ বাবে পুত্ৰ অভিজিতক গাঁৱৰ ঘৰৰ পৰা কঁঠাল আনিবলৈ কৈছিল। কিন্নাহাৰৰ নিজৰ গাঁও মিৰাটিৰ কঁঠাল প্ৰিয় আছিল প্ৰণৱ মুখার্জীৰ। পুত্ৰ অভিজিতে পিতৃৰ ইচ্ছাক উপেক্ষা নকৰি গাঁও মিৰাটিৰ পৰা প্ৰায় ২৫ কেজি ওজনৰ কঁঠাল আনি দিছিল। প্ৰণৱ মুখার্জী আছিল ব্লাড ছুগাৰত আক্ৰান্ত। তথাপিও গাঁৱৰ ঘৰৰ সেই সুস্বাদু কঁঠাল খাইছিল। আৰু তাৰ পাছতেই স্নানাগাৰত পৰি মগজুত তেজ জমা হৈছিল প্ৰণৱ মুখার্জীৰ। ১০ আগষ্টত দিল্লীৰ সেনাৰ হাস্পতালত ভর্তি কৰোৱা হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক। মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল। ক’ৰোনাতো আক্ৰান্ত হৈছিল প্ৰণৱ মুখার্জী। ১১ আগষ্টৰ পৰা ভেণ্টিলেচনত থাকি ৩১ আগষ্টৰ সন্ধিয়া দেহাৱসান ঘটে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ। তেওঁৰ মৃত্যুত দেশত ৭ দিনীয়াকৈ শোক পালন কৰা হ’ব। এই সময়ছোৱাত অর্ধনমিত হৈ থাকিব জাতীয় পতাকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ