অসম লাইভ২৪ঃ
‘কবিতা লিখা মানুহবোৰ আৱেগিক। কল্পনাৰ ৰাজ্যতেই তেওঁলোকে বাস কৰে। কল্পনাৰেই অসমত কিমানখন ছীট পাব আগতীয়াকৈয়ে কৈ দিব পাৰে। ভূপেন বৰা ৰাজনীতিবিদ নহয়। তেওঁ এজন কবি।’ ভূপেন বৰাই আগন্তুক লোকসভা নিৰ্বাচনত ১৪ খন আসন লাভ কৰিব পাৰিম বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া দিবলৈ গৈ এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। লোকসভা নিৰ্বাচনক লৈ জল্পনা-কল্পনা প্রতিটো ৰাজনৈতিক দলৰ৷ ইয়াৰ মাজতে কংগ্রেছত ওলাইছে ইজনৰ পাছত সিজন জ্যোতিষী৷ প্রতিদিনাই আসনক লৈ ভৱিষ্যদ্বাণী কংগ্রেছীৰ৷
উল্লেখ্য যে, ২০২৪ৰ লোকসভা জয়ী হোৱাৰ সপোন ভূপেন বৰাৰ। এইবাৰ জ্যোতিষীৰ আসনত বহিছে ভূপেন বৰা। লোকসভা নিৰ্বাচনক লৈ ভূপেন বৰাৰ ভৱিষ্যদ্বাণী।১৪ খন আসনে পাম বুলি আত্মবিশ্বাসী ভূপেন বৰা। ’২৪ত চৰকাৰ হ’লে কি কৰিব ভূপেন বৰাই? ৪.৫ লাখ চৰকাৰী কৰ্মচাৰীক পুৰণি পেঞ্চন দিম বুলিও মন্তব্যত প্ৰকাশ কৰিছিল ভূপেন বৰাই। ১৪ খন আসন পাম বুলি ভৱিষ্যদ্বাণী আব্দুল খালেকৰ। আগন্তুক দিনত বিজেপিৰ বিপৰ্যয় হ’ব বুলিও মন্তব্য কৰিছিল দেৱব্ৰত শইকীয়াই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ