অসম লাইভ২৪ঃ বতৰৰ পৰিবৰ্তনৰ লগত চিকেন পক্সৰ প্ৰকোপো বৃদ্ধি পায়। বছৰৰ এই সময়ক অকণমান অসচেতন হ’লেই বিপদ। বিশেষকৈ বসন্তত এফালে যেনেকৈ প্ৰকৃতি সাজি উঠে তেনেকৈয়ে এই ঋতুত নানান ভাইৰাছৰো প্ৰকোপ বাঢ়ি যায়। চিকেন পক্স বা বসন্ত এই সময়ছোৱাত ছালত হোৱা প্ৰধান ৰোগ। ইনফ্লুয়েঞ্জাৰ ধৰণেৰে বসন্তও এবিধ ভাইৰাছেই। ভেৰিচেলা জষ্টাৰ নামৰ এক ধৰণৰ ভাইৰাছৰ পৰা এই ৰোগ হয়। অনুকূল পৰিবেশ পালেই এই ভাইৰাছ সক্ৰিয় হৈ উঠে। বসন্ত ওলালে জ্বৰকে আদি কৰি কেইবাটাও লক্ষণে দেখা দিয়ে। শৰীৰৰ লগতে মুখগহ্বৰটো প্ৰভাৱ পৰে। বৈজ্ঞানিকভাৱে কেনেকৈ এই ৰোগীৰ যত্ন ল’ব?
চিকেন পক্স বা বসন্তৰ লক্ষণ
প্ৰাথমিকভাৱে দেহৰ তাপমাত্ৰা বাঢ়িবলৈ আৰম্ভ কৰে। শৰীৰত ৰঙা ৰঙা ফোঁহা উঠে। প্ৰথমে বুকু বা পেট তাৰপিছত মুখমণ্ডল, মুখগহ্বৰৰ ভিতৰতো ফোঁহা উঠে। ফোঁহাবোৰৰ ভিতৰত পানী জমাও হয়।
এই ৰোগ কাৰ বাবে মাৰাত্মক?
গৰ্ভৱতী মাক, বয়স্ক লোক, সদ্যজাত সন্তানৰ বাবে এই ৰোগ মাৰাত্মক। গৰ্ভাৱস্থাত মাকৰ বসন্ত ওলালে গৰ্ভস্থ শিশুৰ জন্মগত ত্ৰুটি থাকিব পাৰে। যদি প্ৰসৱৰ দিন চমু চাপি অহাৰ সময়ত বসন্ত ওলাই তেন্তে বিপদ বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে।
কি কি খোৱাটো অনুচিত?
নাৰিকল, মাখন, চকলেট, বাদাম আৰু পনীৰে শৰীৰৰ প্ৰদাহ বঢ়োৱাই। এইসমূহ খাদ্যত বহু পৰিমানে চৰ্বি থাকে। সেয়ে বসন্ত ওলোৱাৰ সময়ত এইসমূহ খাদ্য এৰাই চলাটো প্ৰয়োজন। অতিৰিক্ত জ্বলা বা মছলাযুক্ত খাদ্যও বসন্ত ওলোৱা ৰোগীৰ বাবে ভয়াবহ। অতিৰিক্ত পৰিমানে নিমখ খোৱাটোও অনুচিত। বসন্ত ওলোৱাৰ সময়ত বেছিপৰিমানে নিমখ খালে মুখৰ ভিতৰত ঘা লাগিব পাৰে।
এই সময়ছোৱাত কি কি খাব?
মিল্ক ছেক, আইছক্ৰিম, ঠাণ্ডা দৈ, মাছ, ফলৰ ৰস, দালি আদি খাব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ