অসম লাইভ ২৪ঃ এইবাৰৰ আই পি এলৰ অ’পেনিঙৰ পৰাই বিৰাট কোহলী আৰু শুভমন গীলে প্ৰায় ২০ অ’ভাৰৰ বেটিং কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু তেওঁলোকৰ বেটিঙক লৈ বৰ বেছি সন্তুষ্ট হোৱা নাই কেপ্টেইন ৰোহিত শৰ্মা। মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কগৰাকীৰ মতে, টি-টুৱেণ্টি বৰ্তমান সলনি হৈ গৈছে। “এতিয়া ২০ অভাৰৰ বাবে এটা দিশত খেলিব নালাগে। তাৰ পৰিৱৰ্তে, আমাক এটা দ্ৰুত ইনিংছৰ প্ৰয়োজন।”
অধিনায়কগৰাকীৰ মতে, বেটছমেনসকলে এতিয়া দ্ৰুত ৰাণ সংগ্ৰহৰ ওপৰত গুৰুত্ব দিব লাগে। এইটো গুৰুত্বপূৰ্ণ নহয় যে সকলোৱে বৃহত্ স্ক’ৰ সংগ্ৰহ কৰিব লাগিব। ১০-১৫ টা বলত ৩০-৪০ ৰাণৰ গুৰুত্ব এতিয়া বহুত বেছি। এইটোৱেই দলটোক এটা ডাঙৰ স্থানলৈ লৈ যায়। ই এজন ব্যক্তিৰ ওপৰত অত্যাধিক চাপ নিদিয়ে। সকলোৱে একেলগে খেলে।
ৰোহিত শৰ্মাই কয় যে, তেওঁৰ খেলৰ পৰম্পৰাগত ধৰণটো সলনি কৰিবলৈ চেষ্টা কৰি আছে। তেঁওৰ কয় যে, আগতে মই গোটেই ইনিংছটোত খেলিবলৈ চেষ্টা কৰিছিলো। কিন্তু এতিয়া মোৰ খেলৰ শৈলী সলনি কৰিছো। এতিয়া মই দ্ৰুত ৰাণ সংগ্ৰহ কৰিবলৈহে চেষ্টা কৰোঁ। আনকি সেইটো কৰিবলৈ যাঁওতে কেতিয়াবা আউট হ’লেও কিন্তু মই ইয়াৰ বাবে কেতিয়াও অনুশোচনা নকৰো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ