অসম লাইভ ২৪ঃ জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য এতিয়াও ভালদৰ পোহৰলৈ অহা নাই। তেনে সময়তে জোনমণিৰ মৃত্যুৰে নাম সাঙোৰ খোৱা এজনৰ বৃহস্পতিবাৰে আত্মসমৰ্পণ। আত্মসমৰ্পণকাৰীৰ নাম ৰিয়াজুল ইছলাম বুলি জানিব পৰা গৈছে।
নকল সোণৰ ব্যৱসায়ৰ সৈতে জড়িত লখিমপুৰ জিলাৰ বঙালমৰাৰ ৰিয়াজুল ইছলামে বৃহস্পতিবাৰে নগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কৰিছে আত্মসমৰ্পণ। উল্লেখ্য যে, লখিমপুৰৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জিলাখনৰ দায়িত্ব লৈয়েই অপৰাধীক আত্মসমৰ্পণ কৰিবলৈ হুংকাৰ প্ৰদান কৰিছিল ।
এই হুংকাৰৰ পিছতেই নগাঁৱত আত্মসমৰ্পণ কৰিছে অভিযুক্তগৰাকীয়ে। সম্প্রতি তদন্তকাৰী বিষয়াই সোধা-পোছা অব্যাহত ৰাখিছে ৰিয়াজুল ইছলামক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ